সুভাশ্ৰী বাৰিক
১৮আগষ্টঃ ১ছেপ্টেম্বৰৰ পৰা সম্পূৰ্ণ ৰূপে আন্তঃজিলা যাতায়ত খোলাৰ সম্ভাৱনা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গোলাঘাট ত এই ঘোষণা কৰিছে।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় ” দৈনিক কভিড আক্ৰান্ত ৰ সংখ্যা ৫০০ লৈ যি দিনাই হ্ৰাস হব সেই দিনাই সম্পূৰ্ণ ৰূপে আন্তঃজিলা যাতায়ত খোলা হব”।১ছেপ্টেম্বৰ ভিতৰত যদিও দৈনিক কভিড ৰ সংখ্যা ৫০০ লৈ হ্ৰাস নহয় তথাপি আন্তঃজিলা যাতায়ত সম্পূৰ্ণৰূপে খোলাৰ বাবে চেষ্টা কৰিব বুলি সদৰী কৰে হিমন্ত বিশ্ব শৰ্মাই।