ফাগুন মাহৰ প্ৰথমটো বুধবাৰে মিচিং সমাজে পালন কৰি আহিছে এই উৎসৱ। গুমৰাগৰ ছন্দ আৰু ঐনিতমৰ সুৰত মতলীয়া হৈছে নৈ-পৰীয়া মিচিং গাওঁ।নৈ পৰীয়া মিচিংসকলে নিজৰ উপাস্য দেৱতাসকলৰ ওচৰত আৰ্শীবাদ বিচাৰি নিজৰ শস্য পথাৰত যাতে কোনো অমংগল নহয় তাৰ কামনা কৰাৰ লগতে জীৱ-জন্তুৰো মংগল কামনা কৰে আৰু জ্যেষ্ঠসকলৰ আৰ্শীবাদ লৈ নিজৰ ঘৰখনৰ লগতে দেশখনলৈ সুখ-শান্তি আৰু উন্নতিৰ কামনা কৰে।একেদৰে পুৰাং আৰু আপংৰ গোন্ধতো আমোল মোলাইছে চৌদিশে।মিচিং জনগোষ্ঠীৰ সম্পূৰ্ণ পৰম্পৰাগত এটি উৎসৱ হৈছে আলি আই লৃগাং। মিচিং জনগোষ্ঠীলোকসকলে পালন কৰা এই উৎসৱটোত চন্দ্ৰ আৰু সূৰ্য দেৱতাৰ পূজা কৰাৰ লগতে বীজ সিঁচাৰ কাৰ্য শুভাৰম্ভণি কৰা হয়।যুগ যুগ ধৰি চলি অহা এই উৎসৱটো ৰাজ্যৰ বিভিন্ন প্ৰান্তত মিচিং ডেকা-গাভৰুসকলে গুমৰাগ নৃত্য কৰি পৃথিৱীত বৰষুণৰ কামনা কৰি শস্যৰ উৎপাদন বৃদ্ধি আৰু লখিমীক আদৰাৰ প্ৰস্তুতি পৰিলক্ষিত হয়।মিচিংসকলে বিশ্বাস কৰে যে দেৱতাক গুমৰাগ নৃত্য আৰু ঐনিতমৰ সুৰেৰে সন্তুষ্ট নকৰিলে বৰষুণ হোৱাৰ সম্ভাৱনা নাথাকে লগতে শস্যৰ উৎপাদনো ভাল নহ’ব।সেয়েহে তেওঁলোকে শস্য সিঁচাৰ লগতে ডেকা-গাভৰু,বুঢ়া-বুঢ়ী সকলোৱে সমূহীয়াভাৱে ভোজভাত খাই নৃত্য-গীত পৰিৱেশন কৰে।