আজি মহাত্মা গান্ধীৰ ৭৭ সংখ্যাক মৃত্যু দিৱস

Share

১৯৪৮ চনৰ আজিৰ দিনটোতে জাতিৰ পিতা মহাত্মা গান্ধীৰ মৃত্যু হৈছিল।ভাৰতৰ স্বাধীনতাৰ বাবে তেওঁৰ ত্যাগক স্মৰণ কৰি প্ৰতি বছৰে ৩০ জানুৱাৰী দিনটো মহাত্মা গান্ধীৰ মৃত্যু বাৰ্ষিকীক দিৱস পালন কৰা হয়।১৯৪৮ চনৰ ৩০ জানুৱাৰীত দিল্লীৰ বিৰলা ভৱনত সন্ধিয়াৰ প্ৰাৰ্থনা সভাৰ পৰা আহি থকা অৱস্থা নাথুৰাম গডছেই মহাত্মা গান্ধীৰ বুকু ভেদি যোৱাকৈ গুলীয়াই হত্যা কৰিছিল।মহাত্মা গান্ধীৰ মৃত্যু বাৰ্ষিকীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এক্সযোগে উল্লেখ কৰে যে, “পূজনীয় বাপুৰ মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি।তেখেতৰ আদৰ্শই আমাক এখন উন্নত ভাৰত গঢ়িবলৈ অনুপ্ৰাণিত কৰিছে।আমাৰ জাতিৰ বাবে শ্বহীদ হোৱা প্ৰতিগৰাকীকে মই শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰিছো আৰু তেওঁলোকৰ সেৱা আৰু ত্যাগক স্মৰণ কৰিছোঁ”

কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে বাপুক স্মৰণ কৰি এক্সযোগে কয় যে “গান্ধীজী কেৱল এজন ব্যক্তি নহয়,তেওঁ ভাৰতৰ আত্মা আৰু আজিও প্ৰতিজন ভাৰতীয়ৰ মাজত তেওঁ জীয়াই আছে।সত্য,অহিংসা আৰু নিৰ্ভীকতাৰ শক্তিয়ে বৃহৎ সাম্ৰাজ্যৰ শিপা কঁপাই তুলিব পাৰে।”

Leave a Reply

Your email address will not be published. Required fields are marked *