দুৰ্বৃত্তই আক্ৰমণ কৰে ছেইফ আলী খানক

Share

আজি পুৱতি নিশা দুৰ্বৃত্তই আক্ৰমণ কৰে ছেইফ আলী খানক। জানিব পৰা মতে চুৰি কৰাৰ ঊদ্দেশ্যৰে দুৰ্বৃত্তই  প্ৰৱেশ কৰিছিল ছেইফ আলী খানৰ বাসগৃহত চোৰ প্ৰৱেশ কৰা দেখি ঘৰৰ কাম কৰা লোকসকলে হাহাকাৰ লগাই আৰু চিঞৰ বাখৰ শুনি কোঠাৰ পৰা ওলাই আহে ছেইফ তাৰ পিছতে  দুৰ্বৃত্তই চোকা অস্ত্ৰৰে ৬ বাৰকৈ আক্ৰমণ কৰে ছেইফক। নিশা ৩.৩০ বজাত ছেইফক লীলাৱতী হাস্পাতালত ভৰ্তি কৰোৱা হয়। অভিনেতাজনৰ পিঠিৰ পৰা আঢ়ৈ ইঞ্চিৰ ছুৰীৰ টুকুৰা উলিওৱা হৈছে। ছেইফ আলী খানৰ স্বাস্থ্যৰ অৱস্থাক লৈ লীলাৱতী হাস্পাতালৰ চিকিৎসকে বুলেটিন জাৰি কৰিছে। তেওঁলোকে জনাইছে যে ছেইফ আলী খানৰ দেহত ৬টাকৈ ছুৰীৰ আঘাত আছে ইয়াৰ ভিতৰত ২টা অতি গুৰুতৰ, ডিঙি আৰু ৰাজহাড়ত আঘাত লাগিছে যাৰ বাবে অস্ত্ৰোপচাৰ কৰিবলগীয়া হৈছে। প্ৰায় আঢ়ৈ ঘন্টা ধৰি চলে তেওঁৰ অস্ত্ৰোপচাৰ। এই ঘটনাৰ পাছতেই আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। ইতিমধ্যে মুম্বাই আৰক্ষীয়ে  পৰীক্ষা কৰিছে  ঘৰৰ ওচৰৰ সকলো চিচিটিভি ফুটেজ। অৱশ্যে ছেইফৰ পত্নী কৰীনা আৰু সন্তান সুস্থ অৱস্থাত আছে বুলি জানিব পৰা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *