নৱবৰ্ষৰ আৰম্ভণিতেই প্ৰকৃতিৰ ৰুষ্টৰূপ

Share

তিব্বতত এতিয়া ভূমিকম্পৰ ধ্বংসযজ্ঞ।প্ৰত্য়েক দিনাৰ দৰেই তিব্বতত মঙলবাৰেও পুৱা আৰম্ভ হৈছিল দিনটোৰ। সকলো সাধাৰণভাৱে চলি আছিল। তাৰ পিছতেই হঠাৎ ৰুষ্ট হল প্ৰকৃতি আৰু আৰম্ভ কৰিলে ধ্বংসলীলা। ইয়াৰ পিছত এটা নহয় দুটা নহয় ৬টাকৈ ভূমিকম্পই কপাঁই যায় তিব্বতক। ইয়াৰে আটাইতকৈ প্ৰবলতম ভূমিকম্পটোৰ প্ৰাবল্য় আছিল ৭.৫ ৰিখতাৰ স্কেল। এই ভূমিকম্পৰ অভিকেন্দ্ৰ মাউণ্ট এভাৰেষ্টৰ পৰা ৫০ মাইল উত্তৰ-পূবত। নেচনেল চেণ্টাৰ ফৰ ছিছমেলাৰ মতে চীনৰ নেপাল সীমান্তৱৰ্তী শ্বিজাঙত পুৱা ৬.৩৫ বজাত প্ৰথমটো ভূমিকম্প অনুভূত হয়। যাৰ প্ৰাবল্য আছিল ৭.১ ৰিখতাৰ স্কেল। তাৰ পিছত তিব্বতৰ ছিগাটছ এলেকাত দ্বিতীয়টো ভূমিকম্পৰ অনুভূত হয় যাৰ প্ৰাবল্য় আছিল ৬.৮। ইয়াৰ পিছত ছিগাটছ এলেকাতে ৪.৭ আৰু ৪.৯ প্ৰাবল্যৰে দুটাকৈ ভূমিকম্প অনুভূত হয়। কিন্তু ইমানখিনিতো শান্ত নহল প্ৰকৃতি ৬টা ভূমিকম্পৰ পিছতো ৫০টা জোকাৰণি বা আফটাৰ শ্বক বহু সময়লৈ তিব্বতত অনুভূত হয়। এই ভূমিকম্পৰ ফলত অতিকমেও ৯৫ গৰাকী নিহত হোৱাৰ লগতে আহত ১৩০তকৈও অধিক। এই ভূমিকম্পই বহু ভৱন,প্ৰতিষ্ঠান ,দলং ইত্যাদিৰ বিস্তৰ ক্ষতি-সাধন হোৱা দেখা গৈছে। চীনৰ তিব্বত স্বায়িত্তশাসিত এলেকাৰ লগতে ,উত্তৰ ভাৰত,নেপাল আৰু ভূটানকো জোকাৰি যায় এই ভূমিকম্পই। ভাৰতৰ দিল্লী, অসম, মহাৰাষ্ট্ৰ, ভূটান, বিহাৰ, পশ্চিমবংগ আৰু উত্তৰ-পূৱৰ কেইবাখনো ঠাইত ইয়াৰ আংকশিকভাৱে কম্পন অনুভূত হয়। আনহাতে অসমৰ নামনিত ইয়াৰ প্ৰভাৱ সৰ্বাধিক দেখা যায়। অসমত ইয়াৰ প্ৰাবল্য় আছিল ৫.৩ ৰিখতাৰ স্কেল। কিন্তু আন ঠাইসমূহত এই ভূমিকম্পৰ ফলত বিশেষ ক্ষতি-সাধন হোৱাৰ তথ্য বৰ্তমানলৈ পোহৰলৈ আহা নাই।

Leave a Reply

Your email address will not be published. Required fields are marked *