অসম লোকসেৱা আয়োগৰ নতুন অধ্যক্ষ প্ৰাক্তন আই পি এচ বিষয়া দেৱৰাজ উপাধ্যায়

Share

অসম লোকসেৱা আয়োগৰ নতুন অধ্যক্ষ নিযুক্তি। এ পি এচ চি অৰ্থাৎ অসম লোকসেৱা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি লাভ কৰিলে প্ৰাক্তন আই পি এচ বিষয়া দেৱৰাজ উপাধ্যায়ে। বিগত বৰ্ষত এ পি এচ চি সদস্যৰ দায়িত্বত আছিল বিষয়াগৰাকী। মঙলবাৰে ৰাজ্য চৰকাৰৰ এক নিৰ্দেশনা মৰ্মে দেৱৰাজ উপাধ্যায়ক এ পি এচ চিৰ অধ্যক্ষ হিচাপে আনুস্থানিকভাৱে নিযুক্তি প্ৰদান কৰা হয়। তেওঁৰ লগতে এ চি এচ বিষয়া মৃগেণ নাৰায়ণ বৰুৱা আৰু আই এ এচ বিষয়া ভাস্কৰ ফুকনকো  এ পি এচৰ সদস্য পদত নিযুক্তি প্ৰদান কৰা হয়। মুখ্য সচিবৰ কাৰ্যালয়ৰ সমন্বয়ক সচিব পদত কৰ্মৰত আছিল আই এ এচ বিষয়া ভাস্কৰ ফুকন। আনহাতে মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ সচিব পদত নিযুক্ত আছিল মৃগেণ নাৰায়ণ বৰুৱা।

উল্লেখ্য যে, অসম লোক সেৱা আয়োগৰ পূৰ্বৰ অধ্যক্ষ ভাৰত ভূষণ দেৱ চৌধুপৰীৰ ২ জানুৱাৰীত অৱসৰ গ্ৰহণ কৰাৰ পাছত খালী হৈ আছিল অধ্যক্ষৰ পদটো। যাৰ পৰিপ্ৰেক্ষিতত আয়োগৰ জেষ্ঠ সদস্য আৰু প্ৰাক্তন আই পি এচ বিষয়ী গৰাকীক এই পদৰ বাবে নিযুক্তি দিয়া হয়।

লোকসেৱা আয়োগৰ অধ্যক্ষকে ধৰি আয়োগৰ মুঠ সদস্যৰ সংখ্যা হৈছে পাঁছ গৰাকী। বর্তমান সদস্য হিচাপে কৰ্মৰত হৈ আছে এ চি এছ বিষয়া নাজৰিণ আহমেদ আৰু ভাৰতীয় সেনাৰ প্রাক্তন মেজৰ জেনেৰেল ভাস্কৰ কলিতা । বর্তমান নতুনকৈ দুজন সদস্য নিযুক্তি দিয়াত আয়োগৰ সদস্যৰ সংখ্যা চাৰিগৰাকীলৈ বৃদ্ধি পালে যদিও বর্তমানেও দুটা সদস্যৰ পদ খালী হৈ আছে। আনহাতে, বৰ্তমানৰ সদস্য প্রাক্তন এ চি এছ বিষয়া নাজৰিণ আহমেদে ১২ জানুৱাৰীত অৱসৰ গ্ৰহণ কৰিব । ফলত খালী সদস্যৰ পদৰ সংখ্যা তিনিটালৈ বৃদ্ধি পাব । সদস্য পদ খালী হৈ থাকিলে আয়োগৰ পৰীক্ষা পৰিচালনাতো প্রভাৱ পৰাটো নিশ্চিত হৈ পৰিছে । বিগত ডিচেম্বৰতে অসম লোকসেৱা আয়োগৰ সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাৰ নতুন বিজ্ঞাপন প্ৰকাশ কৰাৰ কথা আছিল যদিও বৰ্তমানেও নতুন পদৰ বিজ্ঞাপন প্ৰকাশ কৰিব পৰা নাই । তদুপৰি ছেপ্টেম্বৰ মাহতে অনুষ্ঠিত কৰা বহুকেইটা পৰীক্ষাৰো এই পর্যন্ত ফলাফল ঘোষণা কৰিবলৈ বাকী আছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *