শাসিত বিজেপি দলটোৰ পৰৱৰ্তী ৰাজ্যিক সভাপতি কোন হ’ব । ইয়াকলৈ ৰাজ্যত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে । চলিত জানুৱাৰীতে ৰাজ্যিক – সভাপতিৰ নাম ঘোষণা কৰা হ’ব । যিহেতু পঞ্চায়ত নিৰ্বাচন , আগন্তক ২০২৬ ৰ বিধানসভা নিৰ্বাচন সমাগত । গতিকে বিজেপিৰ শাসিত দলটোৱে ৰাজ্যিক সভাপতি নিৰ্বাচিত কৰোতে দক্ষতা আৰু যোগ্যতাৰ ভিত্তিত নিৰ্বাচিত কৰাত গুৰুত্ব দিয়াটো নিশ্চিত । কিন্তু কোন-কোন বিজেপি নেতাৰ ৰাজ্যিক সভাপতি পদৰ বাবে চৰ্চা চলিছে সেইটোহে উল্লেখনীয় । প্ৰাক্তন সাংসদ পল্লৱ লোচন দাস আৰু বৰ্তমানৰ ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলী , সাংসদ দিল্লীপ শইকীয়া আদিৰ নাম বিশেষভাৱে চৰ্চা হোৱা পৰিলক্ষিত হৈছে । আনহাতে পৰৱৰ্তী ৰাজ্যিক সভাপতি বৰ্তমানৰ ভৱেশ কলিতা হোৱাটোও একো আচৰিত কথা নহয় ।