৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব দিল্লী বিধানসভা নিৰ্বাচন

Share

৫ফেব্ৰুৱাৰীত অনুষ্ঠিত হব দিল্লী বিধানসভা নিৰ্বাচন।নিৰ্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী।ৰাজধানী দিল্লীৰ বিধানসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰিবৰ বাবে মঙলবাৰে ভাৰতৰ নিৰ্বাচন আয়োগে দুখনকৈ সংবাদমেল অনুষ্ঠিত কৰিছে।এই সংবাদমেলখন বিজ্ঞান ভৱনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়।আনহাতে ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হব নিৰ্বাচনৰ ফলাফলৰ ঘোষণা।৭০টা বিধানসভা সমষ্টিত হব নিৰ্বাচন। ২৩ ফেব্ৰুৱাৰীত ৭০ জনীয়া সদস্যৰ বৰ্তমানৰ বিধানসভা কাৰ্যকাল সমাপ্ত হব।উল্লেখযোগ্য যে পৰম্পৰাগতভাৱে দিল্লীত বিধানসভা নিৰ্বাচন একক পৰ্যায়ত অনুষ্ঠিত হৈ আহিছে।২০২০ৰ বিধানসভা নিৰ্বাচনত আপে ৭০খন আসনৰ ভিতৰত ৬২খন আৰু বিজেপিয়ে ৮খন আসন লাভ কৰিছিল।বিগত সময়ছোৱাত সোমবাৰে নিৰ্বাচন আয়োগে দিল্লীৰ বাবে নতুন সংশোধিত ভোটাৰ তালিকা প্ৰকাশ কৰে।লগতে শনিবাৰে ৭০ জনীয়া দিল্লী বিধানসভাৰ নিৰ্বাচনৰ বাবে ২৯ জনীয়া প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ কৰে।শেহতীয়া তথ্য অনুসৰি যোৱা দুমাহত দিল্লীত ভোটাৰৰ সংখ্যা অধিক বৃদ্ধি পাইছিল।২০২৪ চনৰ অক্টোবৰ মাহত মুঠ ভোটাৰৰ সংখ্যা ১,৫৩,৫৭,৫২৯ গৰাকী।কিন্ত মুল্যায়নৰ অন্তত এই সংখ্যা ১,৫৫,২৪,৮৫৮ লৈ বৃদ্ধি পাইছে যত ২০২৪ চনৰ ডিচেম্বৰৰ ভিতৰত ১,৬৭,৩২৯ গৰাকী নতুন ভোটাৰ অন্তৰ্ভুক্ত কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *