বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীয়ে দলীয় বিধায়কক কেইবাটাও নিৰ্দেশ আগবঢ়াই । আগন্তক ২০২৬ ৰ নিৰ্বাচনত আশাভংগ হ’ব পাৰে কেইবাগৰাকীও প্ৰাৰ্থী প্ৰত্যাশীৰ । বৃহস্পতিবাৰে দিছপুৰৰ এখন বিশেষ বৈঠকত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দলীয় বিধায়ক সকলক আগন্তক আহি থকা নিৰ্বাচনৰ বাবে সাজু হ’বলৈ আহ্বান জনাই । এইবাৰৰ নিৰ্বাচনত বহু দলীয় বিধায়কে প্ৰাৰ্থীত্ব লাভৰ পৰা বঞ্চিত হোৱাৰ সম্ভৱনা আছে । কিয়নো আগন্তক আহি থকা নিৰ্বাচনৰ বাবে মুখ্যমন্ত্ৰী গৰাকীয়ে দলীয় বিধায়কৰ ক্ষেত্ৰত অধিক কঠোৰ হোৱা পৰিলক্ষিত হৈছে । মুখ্যমন্ত্ৰী শৰ্মাৰ মন্তব্যত অদক্ষ বিধায়কে প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত হ’ব লাগিব বুলি স্পষ্ট হৈ পৰে । আনহাতে বিধায়ক সকলক সামাজিকভাৱে সক্ৰিয় হোৱাৰ লগতে সংবাদ মাধ্যমত মন্তব্য দিওঁতেও সাৱধানতা অৱলম্বন কৰাৰ কথা অৱগত কৰে । অগপ , ইউপিপি এলৰ বিধায়কেৰেও বৈঠক অনুষ্ঠিত কৰে । উল্লেখ্য যে এই বৈঠকখনতে কংগ্ৰেছৰ তিনি বিধায়ক ক্ৰমে শশীকান্ত দাস , বসন্ত দাস আৰু কমলাক্ষ দে পুৰকায়স্থয়ো অংশগ্ৰহণ কৰে ।