কংগ্ৰেছৰ অপেক্ষা মাঁথো ৩ জানুৱাৰীলৈ। কিয়নো, ৩ জানুৱাৰীত অন্ত পৰিব প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ সন্মানাৰ্থে ৭ দিনীয়াকৈ পালন কৰা ৰাষ্ট্ৰীয় শোকৰ। যাৰ বাবে কংগ্ৰেছে স্থগিত ৰাখিছিল কেইখনো গুৰুত্বপূৰ্ণ সভা তথা অন্যান্য অনুষ্ঠান। এই ৭ দিনীয়া কাৰ্যসূচীৰ অন্তত অৰ্থাৎ ৪ জানুৱাৰীৰ পৰা নতুন পৰিকল্পনা আৰু ৰণকৌশলেৰে দেশজুৰি পদযাত্ৰাত ব্যস্ত হ’ব কংগ্ৰেছ। সংসদৰ মজিয়াত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে সংবিধান প্ৰণেতা বি আৰ আম্বেদকাৰ সন্দৰ্ভত বিতৰ্কিত মন্তব্য প্ৰদান কৰা বুলি কেইবাবাৰো অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছে। যাৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অনিত শ্বাহৰ পদত্যাগ আৰু ক্ষমা বিছাৰি “জয় বাপু, জয় ভীম, জয় সংবিধান” শ্ল’গানেৰে দেশজুৰি ৰেলি উলিওৱাৰ পৰিকল্পনা কংগ্ৰেছৰ। ২৬ ডিচেম্বৰত কৰ্ণাটকৰ বেলগাভিত অনুষ্ঠিত কংগ্ৰেছৰ কাৰ্যকৰী কমিটিৰ বৈঠকত গ্ৰহণ কৰা এই সিদ্ধান্ত। ২৭ ডিচেম্বৰত একে স্থানতে ‘জয় বাপু, জয় ভীম, জয় সংবিধান’ মেগা ৰেলী আয়োজনৰ প্ৰস্তুতি চলোৱা হৈছিল যদিও নিশা প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ মৃত্যুৰ বাবে এই ৰেলী বাতিল কৰা হৈছিল। উল্লেখ্য যে, অহা ২০২৫ৰ ২৬ জানুৱাৰী ৰ পৰা ২০২৬ৰ ২৬ জানুৱাৰীলৈ পূৰ্বৰ ভাৰতজোড়ো যাত্ৰাৰ দৰেই সমগ্ৰ দেশতে কংগ্ৰেছে কৰিব সংবিধান বচাও শীৰ্ষক পদযাত্ৰা। ২০১৪ চনত মোদী চৰকাৰ শাসনলৈ অহাৰ সময়ত যোৱা এক দশকত সাংগঠনিক পৰিৱৰ্তন অনা হৈছিল কিন্তু এতিয়া নতুন মুখক সুযোগ দিয়াৰ প্ৰয়োজন আছে। কংগ্ৰেছে প্ৰতিবাদবোৰ বিস্তৃত ৰূপত কৰিবলৈ গ্ৰামাঞ্চললৈ যোৱাৰ প্ৰয়োজন আছে আৰু দলীয় গোটবোৰ শক্তিশালী কৰাৰ বাবে নতুন মুখক সুযোগ দিয়াৰ প্ৰয়োজন আছে। যিয়ে পৰিকল্পনাবোৰ কাৰ্যকৰী কৰিব।