অসম -মিজোৰাম সীমান্তত পুনৰ সংঘটিত হৈছে গুলীচালনা

Share

পল্লৱী গগৈ
১৮ আগষ্ট, হাইলাকান্দিঃ পুনৰ অসম -মিজোৰাম সীমান্তত গুলীয়াগুলী।হাইলাকান্দি জিলাৰ অসম-মিজোৰাম সীমান্তত মিজোৱে আগ্ৰাসন চলাবলৈ বিচৰাৰ বাবে এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।অঞ্চলটোত অসমে পথ নিৰ্মাণ কৰি আছিল আৰু এই নিৰ্মাণ কাৰ্য বাধা দিব চেষ্টা কৰিছিল মিজোৱে। তাৰপিছতে এই গুলীচালনা সংঘটিত হয়।ঘটনা সন্দৰ্ভত কোলাছিব প্ৰসাশনে কয় যে ৩ জন মিজো লোকে অসম-মিজোৰাম সীমান্তত অহাৰ সময়তে অসম আৰক্ষীয়ে গুলীচালনা কৰে।অৱশ্যে এই ঘটনাত কোনো নিহত হোৱা নাই।

Leave a Reply

Your email address will not be published. Required fields are marked *