পোনপ্ৰথমবাৰৰ বাবে খানাপাৰাত অনুষ্ঠিত কৰা অসম গ্ৰন্থমেলাত ইউ এছ টি এমৰ বিপণী উচ্ছেদক লৈ চলিছে বিতৰ্ক । লগতে কাপোৰেৰে ঢাকি দিয়া হ’ল ইউ এছ টি এমৰ চেল্ফি পইন্ট । সচাঁকৈয়ে ইউ এছ টি এমৰ বিপণীয়ে উলংঘা কৰিছিল নেকি নিয়ম । নে কোনো ৰাজনৈতিক পাকচক্ৰত পৰি উচ্ছেদিত হ’ব লগা হ’ল বিপণীখন । ইয়াক লৈ প্ৰশ্নৰ অৱতাৰণা হোৱা পৰিলক্ষিত হৈছে । উল্লেখ্য যে ইউ এছ টি এমৰ বিপণী কতৃপক্ষই গ্ৰন্থমেলাত অধিক ঠাই অধিকাৰ কৰি লোৱা বুলি উল্লেখ কৰিছিল অসম গ্ৰন্থমেলাৰ আয়োজক সমিতিয়ে । টেলিফোনযোগে এই বাৰ্তা পঠিয়াইছিল । গতিকে নিয়ম উলংঘা কৰাৰ ফলশ্ৰুতিত এই ব্যৱস্থা গ্ৰহণ কৰে বুলি জানিব দিয়ে । আনহাতে ইউ এছ টি এমে বিপণী আৰু চেল্ফি পইন্ট স্থাপন কৰাৰ বিনিময়ত আয়োজকক পৰিশোধও কৰিছিল দিবলগীয়া ধন । তাৰপিছতো ইমান কঠোৰ কিয় অসম গ্ৰন্থমেলা প্ৰকাশন পৰিষদ । এই বিষয়টোৱে ৰহস্যৰ আৱৰ্তত । প্ৰকাশন পৰিষদৰ সচিবে দাবী কৰিছে – অধিক ঠাই দখল কৰাৰ অভিযোগতে গ্ৰহণ কৰিছিল এই সিদ্ধান্ত । কিন্তু আনফালে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে – এই কাণ্ডত ৰাজনীতি জড়িত হৈ আছে বুলি উল্লেখ কৰে । লগতে ইউ এছ টি এমৰ মালিক জন মুছলমান হোৱা বাবেই এনে কৰা হৈছে বুলি বিধেয়ক জনে উল্লেখ কৰে । তাৰোপৰি ৰবিবাৰৰ দিনৰ ভাগত আয়োজকে আনুষ্ঠানিকভাৱে ই-মেইল প্ৰেৰণ কৰি ইউ এছ টি এম কৰ্তৃপক্ষক বিপণী বন্ধ কৰি গ্ৰন্থমেলাৰ বাকৰি ত্যাগ কৰিবলৈ নিৰ্দেশ দিয়ে ।