বিৰোধীৰ ঐক্যমঞ্চ ইণ্ডিজোঁটত আৰম্ভ হৈছে সংঘাত। প্ৰাচীনতম দল কংগ্ৰেছৰ ৰাহুল গান্ধীয়ে বিভিন্ন সময়ত দিয়া নানা বিবাদজনক মন্তব্যৰ পৰিপ্ৰেক্ষিতত বহু দলে গান্ধীৰ সলনি মমতা বেনাৰ্জীক বিচাৰিছে জোঁটৰ নেত্ৰী হিচাপে। তেনে সময়তে কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে আম আদমী পাৰ্টী, চমুকৈ আপৰ নেতা সকল। অহা ফেৱ্ৰুৱাৰীত হব লগীয়া দিল্লীৰ বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছে শ্বেতপত্ৰ দাখিল কৰি আপৰ বিৰুদ্ধে কেতবোৰ অভিযোগ উত্থাপন কৰিছে। দিল্লীৰ বায়ু প্ৰদুষণ,নাগৰিকৰ সা-সুবিধা আদিৰ বাবে আপক দোষাৰোপ কৰাৰ পিছতেই কংগ্ৰেছৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে আপৰ শীৰ্ষ নেতৃবৃন্দ। দিল্লীৰ মুখ্যমন্ত্ৰী আতিশীয়ে কয় যে কংগ্ৰেছে বিজেপিক জয়ী কৰাবলৈ হে কাম কৰি আছে। আপ নেতৃবৃন্দই কয় যে দিল্লী আনকি চণ্ডীগড়তো কেজৰিৱালে কংগ্ৰেছ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাইছিল। সংসদত প্ৰতিটো বিষয়তে কংগ্ৰেছক সমৰ্থন জনাই অহাৰ পিছতো কেজৰিৱালক কংগ্ৰেছে দেশদ্ৰোহী আখ্যা দিয়া কাণ্ডই স্বাভাৱিকতে ক্ষোভিত কৰিছে আপক। ইয়াৰ পিছতেই কংগ্ৰেছক ইণ্ডিজোঁটৰ পৰা আঁতৰোৱাৰ দাবী তুলিছে আপে। বিৰোধীৰ ইণ্ডিজোঁটৰ অন্যতম দুটা দলৰ মাজৰ এই সংঘাতে যে এই ঐক্যমঞ্চত বিৰূপ প্ৰভাৱ পেলাব সেয়া নিশ্চিত। সমাগত দিল্লীৰ বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে পৰিস্থিতিয়ে কি ৰূপ লয় সেয়া সময়েহে কব।