বিনোদন সাহিত্যক শশী ফুকনৰ দেহাৱসান

Share

‘বিস্ময়’ৰ জনক আৰু নাই, বিশিষ্ঠ সাহিতিক্য শশী ফুকনৰ দেহাৱসান । শুক্ৰবাৰে নিশা ১০.৩০ বজাত উভতি নহা বাটে মেলানি মাগিলে বিনোদন সাহিত্যক শশী ফুকননে । উকা হৈ পৰিল সাহিত্যৰ ক্ষেত্ৰ খন । কেবাদিন ধৰি গুৱাহাটি হায়াটা হাস্পতালত চিকিৎসাধীন হৈ আছিল । তাৰ পিচতে পৰিয়ালৰ লোকে জি এম চি এইচ লৈ স্থানান্তৰ কৰিছিল ফুকনক । দীৰ্যদিন ধৰি জি এম চি এইচত চিকিৎসাধীন হৈ থকা শশী ফুকনৰ স্বাস্থ্য অৱস্থা অধিক অবনতি হৈ পৰিছিল , শুক্ৰবাৰে দিনত দুবাৰকৈ অসুথ হৈ পৰিচিল অৱশেষত , জীৱন মৃত্যুৰ সৈতে হাৰ মানি ৭৮ বচৰ বয়সত ইহলীলা সম্বৰণ কৰে । ” বিস্ময়ৰ ” প্ৰতিষ্ঠাপক সম্পাদক হোৱাৰ উপৰিও ৰংযৰ , প্ৰিয়সখী আলোচনীৰ সৈতে জৰিত আছিল । বিশ্বনাথ জিলাত জম্ম গ্ৰহন কৰা শশী ফুকন এগৰাকী দক্ষ , বিচক্ষণ সাহিত্যক আছিল । ১৯৬৯ চনৰ জানুৱাৰী মাহত প্ৰকাশ পোৱা বিস্ময়ে পঠকৰ মাজত অধিক সমাদৰ লাভ কৰিবলৈ সক্ষম হয় । লগতে ৰংঘৰ আৰু প্ৰিয়সথীও অসমীয়া সাহিত্য জগতত খলকনিৰ সৃষ্টি কৰিছিল । সাহিত্যক গৰাকীক মৃত্যুত মুখ্যমন্ত্ৰীসহ দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *