অসম-নাগালেণ্ড সীমান্তত বৃদ্ধি পাইছে অস্ত্ৰধাৰী দুৰ্বৃত্তৰ সন্ত্ৰাস

Share

যুক্তা ৰাণী দাস

১৫ , আগষ্ট : সীমান্তবাসী অসমীয়াক নিৰাপত্তা দিয়াত ব্যৰ্থ হৈছে চৰকাৰ-প্ৰশাসন । অসম আৰু নাগালেণ্ডৰ সীমান্তত বৃদ্ধি পাইছে অস্ত্ৰধাৰী দুৰ্বৃত্তৰ সন্ত্ৰাস । মৰিয়নিত সন্ত্ৰাস চলাইছে NSCN(K) য়ে । শুক্ৰবাৰে অস্ত্ৰ দেখুৱাই দুজনকৈ ব্যক্তিক অপহৰণ কৰাৰ চেষ্টা কৰে ১৫ জনীয়া এই নগা অস্ত্ৰধাৰী দুৰ্বৃত্তয়ে । চেলেংহাট আৰক্ষীচকী অন্তৰ্গত গোচাইবাৰীৰ এক সৰু চাহ বাগিচাৰ পৰা অস্ত্ৰ দেখুৱাই নাৰায়ণ গগৈ নামৰ ব্যক্তিজনক অপহৰণ কৰে এই নগা অস্ত্ৰধাৰী দুৰ্বৃত্তৰ দলে , কিন্তু তিৰোহীচ বনাঞ্চলৰ মাজত লৈ গৈ মুকলি কৰি দিয়ে ব্যক্তিজনক ।

এই ঘটনাৰ পিছতে প্ৰকাশ পান তাঁতী নামৰ ব্যক্তিজনক অপহৰণ কৰাৰ চেষ্টা কৰে NSCN(K) ৰ । সীমা সমস্যা সমাধানক লৈ আলোচনা প্ৰক্ৰিয়া চলি থকা সময়তেই মৰিয়নিত আতংকৰ সৃষ্টি কৰিছে নগা উগ্ৰপন্থীয়ে । ইয়াৰ ফলত এতিয়া চাহ বাগিচাত কাম কৰিবলৈ যাব ভয় কৰিছে ক্ষুদ্ৰ বনুৱাসকল । এতিয়া ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে যে সীমান্তবাসী অসমীয়াক নিৰাপত্তা দিব পাৰিব নে চৰকাৰ-প্ৰশাসনে ।

Leave a Reply

Your email address will not be published. Required fields are marked *