আজি ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ দিনাই দেশপ্ৰেমৰ নিদৰ্শন দাঙি ধৰিলে অসম আৰক্ষীৰ জোৱান সকলে

Share

অনালি শৰ্মা

নগাঁও , ১৫ আগষ্ট : আজি দেশৰ ৭৫সংখ্যক স্বাধীনতা দিৱসৰ দিনাই পৰিলক্ষিত হ’ল এক উৎসাহ পূৰ্ণ দৃশ্য। নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত আয়োজিত দেশৰ ৭৫সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ২০ মিনিট ধৰি দিয়া ধাৰাষাৰ বৰষুণকো নেওঁচি স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে নগাঁও আৰক্ষীৰ যানবাহন শাখাৰ লগতে সশস্ত্ৰ বাহিনী আৰু বঢ়মপুৰৰ নৱম অসম আৰক্ষীৰ জোৱান সকলে।এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ।
সেই বৰষুণতেই পতাকা উত্তোলন কৰি স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে ভাষণ আৰম্ভ কৰে । অনুষ্ঠানত উপস্থিত থকা লোক সকলৰ বৰষুণ জাকৰ বাবে হুৱাদুৱা লাগে যদিও আৰক্ষীৰ জোৱান সকলে নিজৰ ঠাইৰ পৰা বিচলিত নহৈ বৰষুণত তিতিয়েই পেৰেডত অংশ লয় ।
নিজৰ কৰ্মত অবিচলিত জোৱান সকলৰ বাবে দৰ্শক সকলে হাতচাপৰিৰে অনুষ্ঠান উপচাই দিয়ে । এই কৰ্মই পুণৰ বাৰ তেওঁলোকৰ দেশপ্ৰেম, দায়িত্ববোধ আৰু কৰ্তব্যপৰায়ণতাৰ নিদৰ্শন দাঙি ধৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *