জি এম চিৰ কঠোৰ নিৰ্দেশঃমহানগৰীত মুকলিকৈ মাছ- মাংস বিক্ৰীত বাধা আৰোপ

Share

বন্দনা হাজৰিকা

গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত অস্বাস্থ্যকৰ পৰিৱেশত দীৰ্ঘসময়ৰে পৰা অসাধু ব্যৱসায়ীসকলে মুকলিকৈ মাছ- মাংস বিক্ৰীৰে যি ব্যৱসায় চলাই আহিছে এই ব্যৱসায়ী সকলৰ বিৰুদ্ধে কঠোৰ হৈছে পৌৰ নিগম কৰ্তৃপক্ষ । আজি পৌৰ আয়ুক্ত দেৱাশীষ শৰ্মাই এক জাননীযোগে জি এম চিৰ অনুজ্ঞাপত্ৰ অবিহনে মাছ-মাংস বিক্ৰীৰ ক্ষেত্ৰত বাধা আৰোপ কৰিছে । অৰ্থাৎ এতিয়াৰে পৰা মাছ-মাংস বিক্ৰী কৰিবলৈ জি এম চিৰ অনুজ্ঞাপত্ৰ লাগিব ।

যি সকল ব্যৱসায়ীয়ে এই নিৰ্দেশ অমান্য কৰে তেওঁলোকৰ ওপৰত পৌৰ নিগম কৰ্তৃপক্ষই বিহীত ব্যৱস্থা গ্ৰহণ কৰিব বুলি নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে । উল্লেখ্য যে জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি পৌৰ নিগম কৰ্তৃপক্ষই এই ব্যৱস্থা গ্ৰহণ কৰিছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *