চাৰি মন্ত্ৰীৰ পদত্যাগৰ পিছত পাঞ্জাৱত ভগৱন্ত মান চৰকাৰে মন্ত্ৰীসভা সম্প্ৰসাৰণৰ কথা উল্লেখ কৰিছে। দেওবাৰে চাৰিজনমন্ত্ৰীয়ে পদত্যাগ কৰাৰ পিছত সোমবাৰে পাঁছজন নতুন মুখ অন্তৰ্ভূক্ত কৰিবলৈ আগবাঢ়িছে ভগৱন্ত মানে পাঞ্জাৱৰ তথ্য আৰু জনসংযোগ, খনি আৰু ভূতত্ত্ব মন্ত্ৰী চেতন সিং জোদামাজ্ৰা, পৰ্যটন মন্ত্ৰী আনমোল গগান মান, জল যোগান মন্ত্ৰী ব্ৰহ্ম শংকৰ জিম্পা আৰু স্থানীয় সংস্থা মন্ত্ৰী বালকাৰ সিঙে পদত্যাগ কৰে। তেওঁলোকৰ পদত্যাগে মান চৰকাৰে গ্ৰহন কৰি তৎক্ষণাত কাৰ্যকৰী হোৱাকৈ ৰাজ্যপাললৈ প্ৰেৰণ কৰে। আজি সন্ধিয়া ৰাজ্যপালে নতুন মন্ত্ৰী সকলক কাৰ্যভাৰ আৰু গোপনীয়তাৰ শপত গ্ৰহন কৰাব। পাঞ্জাৱ চৰকাৰে ঘোষনা কৰে যে আজি মন্ত্ৰীসভা সম্প্ৰসাৰণ হব য’ত নতুন মুখৰ ভিতৰত থাকিব বৰিন্দৰ কুমাৰ গোৱাল, তৰণপ্ৰীত সিংগোণ্ড, মহিন্দৰ ভগত, হৰদীপ সিং মণ্ডিয়ান আৰু ডা: ৰবিজোট।