হাৰিয়ানাত বিকল্প হিচাপে আত্মপ্ৰকাশ আপ: সুশীল গুপ্তা

Share

হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ পূৰ্বে এক বিকল্প ৰাজনৈতিক শক্তি হিচাপে মূৰ দাঙি উঠিছে আম আদমি পাৰ্টীয়ে। এই দাবি জনাইছে হাৰিয়ানাৰ আপৰ মুৰব্বী সুশীল গুপ্তাই।অৰবিন্ধ কেজৰিৱালৰ আপ হাৰিয়ানাত বিকল্প হিচাপে আত্মপ্ৰকাশ কৰিছে- এক নতুন ৰাজনীতি, কামৰ ৰাজনীতি, কৰ্মসংস্থাপনৰ ৰাজনীতি, ড্ৰাগছমুক্ত হাৰিয়ানা, ২৪ ঘণ্টীয়া বিদ্যু९ আৰু পানী, দুৰ্নীতিমুক্ত হাৰিয়ানা, প্ৰতিজনৰ বাবে চাকৰি, যৱক-যুৱতী, মহিলাৰ বাবে নিৰাপত্তা আৰু কৃষকৰ প্ৰতি সন্মান।তেওঁ আৰু কয় যে আপে এতিয়ালৈকে জাৰি কৰা তালিকাখনত, ইয়াৰ মূল কৰ্মী সকলৰ নাম আছে আৰু সেয়াই দলৰ অগ্ৰাধিকাৰ। তেওঁ আৰু কয় যে হাৰিয়ানা বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টী খেল পথাৰৰ বাহিৰত। এই নিৰ্বাচনত মই ভাবো প্ৰত্যক্ষ প্ৰতিদ্বন্ধিতাৰ মাজত আছে কংগ্ৰেছ আৰু আম আদমি পাৰ্টী। কাৰন হাৰিয়ানাত অন্য দলৰ অস্থিত্ব নাই।

হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ কংগ্ৰেছ আৰু আপৰ বিচ্ছেদ ঘটে আৰু আপে ২০ জন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰে। আপ আৰু কংগ্ৰেছে হাৰিয়ানা আৰু দিল্লীত একেলগে লোকসভা নিৰ্বাচনত যুঁজিছিল আৰু হাৰিয়ানা নিৰ্বাচনৰ বাবে আসন বিভাজনৰ বাবে আলোচনা চলি আছিল। আনহাতে কংগ্ৰেছে  ৪-৫ খন আসন দিবলৈ ইচ্ছুক বুলি জানিব পৰা গৈছে। আপে কমেও ১০ খন আসনৰ বাবে জোৰ দিছে বুলি জানিব পৰা গৈছে। ৫ অক্টোবৰত হাৰিয়ানাত ৯০ জনীয়া বিধানসভাৰ ভোটগ্ৰহন অনুষ্ঠিত হব আৰু মনোনয়ন দাখিলৰ অন্তিম দিন ১২ ছেপ্তম্বৰ। ৮ অক্টোবৰত হব ভোট গণনা।

Leave a Reply

Your email address will not be published. Required fields are marked *