মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শ্ৰদ্ধাঞ্জলি কান্ধত স্বাধীনতা সংগ্ৰামীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

Share

তৃষ্ণা দাস
১৫ আগষ্ট: আজি স্বাধীনতা দিৱস। ড° হিমন্ত বিশ্ব শৰ্মাই পুৱাই শ্ৰদ্ধাঞ্জলি কাননত উপস্থিত হৈ স্বাধীনতা সংগ্ৰামীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এই অনুষ্ঠানত ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় “, আজি ভাৰতবৰ্ষৰ স্বাধীনতা দিৱসৰ ৭৫ বছৰৰ অমৃত মহোৎসৱ আমি পালন কৰিছো। আমি কিছুদিনৰ আগত সৃষ্টি কৰা পৰম্পৰা অনুসৰি শ্ৰদ্ধাঞ্জলি কাননত আহি স্বাধীনতা সংগ্ৰামৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। ৰাজ্যৰ মুখ্যমন্ত্ৰী দায়িত্ব লোৱাৰ পিছত প্ৰথমবাৰৰলৈ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি সচাকৈয়ে পৱিত্ৰ অনুভৱ কৰিছো। অসমৰ ৰাইজক স্বাধীনতা ৭৫ বছৰৰ অভিনন্দন জনাইছোঁ।”

Leave a Reply

Your email address will not be published. Required fields are marked *