ঔষধৰ সন্দৰ্ভত কেন্দ্ৰ চৰকাৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত

Share

কেন্দ্ৰ চৰকাৰৰ এক বৃহৎ ঘোষণা । এতিয়াৰ পৰা ফাৰ্মাচীসমূহত নিষিদ্ধ কৰা হ’ল ১৫৬ বিধ ঔষধ । জ্বৰ, সৰ্দি, কাহ, এলাৰ্জী আৰু বিষৰ দৰে ১৫৬ বিধ ঔষধ নিষিদ্ধ কৰিলে কেন্দ্ৰ চৰকাৰে । ২০১৬ ত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত এখন কমিটী গঠন কৰা হৈছিল আৰু সেই কমিটীৰ নিৰ্দেশত কেন্দ্ৰই এফ চি ডি জাতীয় ঔষধৰ কিছুমান উৎপাদনৰ প্ৰক্ৰিয়া আৰু বিক্ৰী বন্ধ কৰা হৈছিল। এইবাৰ পুনৰ ১২ আগষ্ট তাৰিখে কেন্দ্ৰই ১৫৬  বিধ ঔষধ বাতিল কৰাৰ নিৰ্দেশ জাৰি কৰিছে । নিষিদ্ধ কৰা  ঔষধ সমূহ হৈছে – ফিক্সড’ ডজ  কম্বিনেচন । এইবোৰ  ঔষধত কমেও দুই বা তাতোধিক ফাৰ্মাচিউটিকেল বস্তুৰ সংমিশ্ৰণ থাকে আৰু এইবোৰ  ঔষধক সাধাৰণতে এফ চি ডি বুলি কোৱা হয় । কোনো বিষ বা কামৰণি ৰোধ কৰা ঔষধ যি ৫০ মিলিগ্ৰাম এচিক্লফোনাক আৰু ১২৫ মিলিগ্ৰাম  পেৰাচিটামল । যি বিধ ঔষধ দুটা বেলেগ বেলেগ বেমাৰত ব্যৱহাৰ কৰা হয়। ই এবিধ এফ চি ডি বিধ ঔষধ আৰু এনেবোৰ বিধ ঔষধ স্বাস্থ্য ৰ বাবে হানিকাৰক । কেন্দ্ৰই কয় যে বজাৰত এনেধৰণৰ কিছুমান  ঔষধ আছে যিবোৰ একেবাৰে নিৰাপদ । ইয়াৰ উপৰিও কেন্দ্ৰই বৃহত্তৰ জনস্বাৰ্থত  ‘ড্ৰাগছ আৰু কছমেটিক এক্ট  ১৯৪০’ অনুসৰি এই বিধ ঔষধৰ উৎপাদন আৰু বিক্ৰী নিষিদ্ধ কৰা হৈছে । নিষিদ্ধ কৰা ঔষধ সমূহ হৈছে – এইচ চি এল পেৰাচিটামল , ফেনিলেফ্ৰিন লেভোছেট্ৰিজিন ,মালেট , ফিনাইল আদি।  ইতিমধ্যে বাতিল হৈছে পেৰাচিটামল, ট্ৰামাডল টৰিন আৰু কেফেইনৰ সংমিশ্ৰণত তৈয়াৰ কৰা ঔষধ । পূৰ্বতে গঠন কৰা কমিটীৰ পৰামৰ্শ অনুসৰি ১৪ টকাকৈ  এফ চি ডি উৎপাদন আৰু ‌বিক্ৰী বন্ধ কৰিছে আৰু  ইয়াৰ পিছত পুনৰ কেন্দ্ৰই নতুনকৈ ১৫৬ বিধ ঔষধ নিষিদ্ধ কৰাৰ ঘোষণা কৰে। যদি কোনো বিক্ৰেতাই এইবোৰ বিধ ঔষধ বোৰ বিক্ৰী কৰে তেতিয়া হ’লে ইয়াৰ ওপৰত কঠোৰ ব্যৱস্থা হোৱা হ’ব বুলি ঘোষণা কেন্দ্ৰ চৰকাৰৰ ।

Leave a Reply

Your email address will not be published. Required fields are marked *