অৰুণোদয় আঁচনিৰ হিতাধিকাৰী সকলৰ বাবে এক সুখবৰ। পুনৰ প্ৰতিটো সমষ্টিৰ পৰা ১০ হাজাৰকৈ মুঠ ১২ লাখ ৬০ হাজাৰ নতুন হিতাধিকাৰীক দিয়া হ’ব অৰুণোদয় আঁচনিৰ সুবিধা । এই সিদ্ধান্ত কেবিনেট বৈঠকত লোৱা হৈছে বুলি সদৰি কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । এইবাৰ এই আঁচনিখন অৰুণোদয় ৩ বুলি নামাকৰণ কৰা হ’ব আৰু অহা ১৫ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব এই আঁচনিখনৰ প্ৰক্ৰিয়া। তাৰোপৰি ১ ফেব্ৰুৱাৰীৰ পৰা হিতাধিকাৰীসকলে লাভ কৰিব এই নতুন অৰুণাদয় ৩ আঁচনিখনৰ সুবিধা । মুখ্যমন্ত্ৰীগৰাকীয়ে কয়,এইবাৰ এই আঁচনিখনত নতুন হিতাধিকাৰীৰ লগতে অৰুণোদয় ২ত অন্তৰ্ভূক্ত হিতাধিকাৰীসকলকো অন্তৰ্ভুক্ত কৰা হ’ব । ইয়াৰ বাবে নতুন আৰু পূৰ্বৰ হিতাধিকাৰীয়ে কৰিব লাগিব আবেদন । যদিহে পূৰ্বৰ হিতাধিকৰী পৰিয়ালৰ কোনো সদস্য চৰকাৰী কৰ্মচাৰী হয় বা যান- বাহন থাকে তেতিয়া এই আচঁনিৰ পৰা বঞ্চিত হ’ব বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ । ইয়াৰ উপৰিও এইবাৰ অৰুণাদয় ৩ আঁচনিৰ বাবে ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক ।