পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰা খেলুৱৈক সাক্ষা९ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

Share

সামৰণি পৰিল পেৰিছ অলিম্পিক ২০২৪। এই ক্ৰীড়া  সমাৰোহত সফল সমাপ্তিৰ পিছতেই স্বদেশলৈ উভতিছে ভাৰতীয়  ক্ৰীড়া তাৰকাসকল। এইবেলি পেৰিছ অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰি  বিভিন্ন শিতানত প্ৰতিদ্বন্দিতা আগবঢ়াইছিল ১১৭ গৰাকী খেলুৱৈয়ে। ভাৰতৰ পদক লাভৰ অভিযান এইবাৰ সন্তোষজনক নহয় যদিও ১টা ৰূপৰ পদক আৰু ৫ টা ব্ৰঞ্জৰ পদক সহ মুঠ ৬টা পদকেৰে পেৰিছ অলিম্পিকৰ পদকৰ তালিকাত ৭১ সংখ্যক স্থানত আছে ভাৰত। বৃহস্পতিবাৰে ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অলিম্পিকত অংশগ্ৰহণ কৰা খেলুৱৈসকলক সাক্ষাৎ কৰে।স্বাধীনতা দিৱস উপলক্ষে দিল্লীৰ লালকিল্লাত অনুষ্ঠিত হোৱা অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে খেলুৱৈসকলক সাক্ষাৎ কৰা পিছতেই নিজৰ বাসগৃহত বিশেষ ভাৱে আতিথ্য আগবঢ়ায়।ভাৰতীয় হকী দলৰ লগতে দুটাকৈ ব্ৰঞ্জৰ পদক লাভ কৰি দেশবাসীক নতুন অভিলেখ গঢ়ি গৰ্বিত কৰা শ্বুটাৰ মনু ভাকেৰ উপস্থিত থাকে। লগতে শ্বুটিং ইভেন্টত ব্ৰঞ্জৰ পদক লাভ কৰা সৰবজোৎ সিং আৰু শ্বুটিংৰ ৫০ মিটাৰ ৰাইফল থ্ৰি পজিচন ব্ৰঞ্জ পদক লাভ কৰা স্বপ্নিল কুছালেৰ লগতে মল্লযুঁজত  ব্ৰঞ্জৰ পদক লাভ কৰা অমন ছেহৰাৱটো উপস্থিত থাকে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পদক জয় কৰি দেশলৈ গৌৰৱ কঢ়িয়াই অনা খেলুৱৈসকলক প্ৰশংসা কৰে লগতে  ভৱিষ্যতে উন্নত প্ৰদৰ্শন দেখুৱাবলৈ অন্য খেলুৱৈসকলক উৎসাহ দিয়ে।

উল্লেখযোগ্য যে এই সাক্ষাৎকাৰত মনু ভাকেৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ  মোদীক উপহাৰ হিচাপে এটা পিষ্টল আগবঢ়ায় আৰু ভাৰতীয় হকী দলটোৰ অধিনায়ক হৰমনপ্ৰীত সিঙকে‌ ধৰি পি আৰ শ্ৰীজেশৰ লগতে দলৰ খেলুৱৈসকলৰ দ্বাৰা স্বাক্ষৰিত এটা জাৰ্চি আৰু এডাল হকী ষ্টিক প্ৰদান কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *