টকিঅ’ অলিম্পিকত ৰূপৰ পদ লাভ কৰা মণিপুৰৰ ভাৰাত্তোলক মীৰাবাঈ চানুৱে এইবাৰ ভাৰতীয় ক্ৰীড়াপ্ৰেমীৰ সকলৰ সপোন বাস্তৱত পৰিণত কৰিব নোৱাৰিলে।পেৰিছ অলিম্পিক ২০২৪ ত মীৰাবাঈ চানুৱে সাধাৰণ ব্যৱধানৰ বাবে পদক লাভৰ পৰা বঞ্চিত হৈছিল।কিন্তু তেওঁৰ প্ৰদৰ্শন আছিল প্ৰশংসনীয়।ভাৰাত্তোলনৰ ৪৯ কিলোগ্ৰাম শাখাত মীৰাবাঈ চানুৱে দখল কৰিছিল চতুৰ্থ স্হান।পদক লাভ কৰিব নোৱাৰিলেও তেওঁৰ প্ৰদৰ্শনত আপ্লুত হৈছে দেশবাসী।পেৰিছ অলিম্পিকৰ পৰা আহি নিজ ঘৰত উপস্হিত হোৱাৰ পিছতেই ভাৰতীয় সেনাৰ শীৰ্ষ বিষয়াসকলে মণিপুৰত চানুৰ ঘৰত উপস্হিত হৈ মীৰাবাঈ চানুক সন্মান জনায়।খেলুৱৈগৰাকীৰ কঠোৰ পৰিশ্ৰম,নিষ্ঠা আৰু বিশ্বৰ মঞ্চত তেওঁৰ অৱদানৰ প্ৰতি সন্মান আৰু প্ৰশংসাৰ চিহ্ন হিচাপে ভাৰতীয় সেনাই খেলুৱৈ গৰাকীক এক বিশেষ স্মাৰক প্ৰদান কৰে৷
উল্লেখযোগ্য যে পেৰিছ অলিম্পিকত মহিলাৰ ভাৰাত্তোলন প্ৰতিযোগিতাত ৪৯ কিলোগ্ৰাম শাখাত মীৰাবাঈ চানুৱে চতুৰ্থ স্হান লাভ কৰি পদক লাভৰ পৰা বঞ্চিত হয়।চীনৰ হাউ ঝিহুইৱে শেষৰফালে এক শক্তিশালীন প্ৰদৰ্শন দেখুৱাই সোণৰ পদক লাভ কৰে।তেওঁ ২০৬ কিলোগ্ৰামৰ প্ৰচেষ্ঠাৰে সোণৰ পদক অৰ্জন কৰে।ৰোমানিয়াৰ মিহেলা ভেলেন্টিনা কেম্বেই মুঠ ২০৫ কিলোগ্ৰামৰ সৈতে ৰূপ দখল কৰে।থাইলেণ্ডৰ সুৰোদচানা খাম্বাওৱে মুঠ ২০০ কিলোগ্ৰামৰ সৈতে ব্ৰঞ্জৰ পদক লাভ কৰে।