বন্দনা হাজৰিকা
শেহতীয়াকৈ এক নতুন নিৰ্দেশনা জাৰি কৰিছে গুৱাহাটী পৌৰ নিগম কৰ্তৃপক্ষই । এই নিৰ্দেশনা অনুসৰি এতিয়াৰে পৰা মহানগৰীৰত ৰাজহুৱা স্থানত অথবা পদপথত ঘূৰি ফুৰা পশুধনৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব পৌৰ নিগমে । গুৱাহাটী পৌৰ নিগমৰ আইন অনুসৰি ৩৬৫ নং ধাৰাৰ অধীনত এসপ্তাহ পৰ্যন্ত জব্দ কৰা পশুধন সমূহ জালুকবাৰী আৰু খানাপাৰা থানাত ৰখা হ’ব । আৰু এসপ্তাহ পিছত যাৱতীয় নথি- পত্ৰ সহ জৰিমনাৰ বিনিময়ত পশুধন গৰাকীক চমজাই দিয়া হ’ব ।
আনহাতে প্ৰতি সপ্তাহৰ বৃহস্পতিবাৰে ১১ বজাৰ পৰা ১বজালৈ আৰু শুক্ৰবাৰে ১১ বজাৰ পৰা ১বজালৈ পশুধন সমূহ নিলাম কৰা হ’ব বুলি পৌৰ নিগমে জাননী জাৰি কৰিছে ।