২৪০ গৰাকী হাইস্কুল টেট উত্তীৰ্ণক নিযুক্তি-পত্ৰ

Share

তৃষ্ণা দাস

১৩ আগষ্ট কোকৰাঝাৰ : বিটিআৰ এলেকাৰ টেট উত্তীৰ্ণ ৮৫১ প্ৰাৰ্থীক বিটিআৰৰ শিক্ষা বিভাগে নিযুক্তি দিয়াৰ সিদ্ধান্ত লৈছে। সেই অনুসৰি প্ৰথম পৰ্যায়ত কোকৰাঝাৰ আৰু চিৰাং জিলাৰ ২৪০ গৰাকী টেট উত্তীৰ্ণ প্ৰাৰ্থীক নিযুক্তি-পত্ৰ বিতৰণ কৰে বিটিআৰৰ মূখ্য কাৰ্যবাহী প্ৰমোদ বড়ো আৰু তেওঁৰ সতীৰ্থ কাৰ্যবাহী সদস্যসকল। এই অনুষ্ঠানৰ বিটিআৰৰ সদৰ কোকৰাঝাৰ নিকটৱৰ্তী চান্দমাৰীস্থিত বড়োফা সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত। কোকৰাঝাৰ জিলাৰ ১৪৪ গৰাকী আৰু চিৰাং জিলাৰ ৯৬ গৰাকী উত্তীৰ্ণ প্ৰাৰ্থীক নিযুক্তি-পত্ৰ প্ৰদান কৰা হয়। মূখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে সংবাদ মাধ্যমৰ আগত কয় যে বিটিআৰ অঞ্চলৰ বিভিন্ন মাধ্যমৰ স্কুলত পৰ্যাপ্ত পৰিমাণৰ শিক্ষক নথকাৰ বাবে শিক্ষাদানৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ হৈছিল। সেয়ে মেধাৰ ভিত্তিত কোনোধৰণৰ লেনদেন নোহোৱাকৈ শিক্ষক-শিক্ষয়ত্ৰী সকলক নিযুক্তি দিয়া হৈছে বুলি মন্তব্য কৰে প্ৰমোদ বড়োৱে। বিটিআৰৰ শিক্ষা সঞ্চালক জ্যোতিপ্ৰসাদ ব্ৰহ্মই বাক্সা জিলাৰ ৪২০ গৰাকী আৰু শনিবাৰে ওদালগুৰি জিলাৰ ১৯১ গৰাকী টেট উত্তীৰ্ণ প্ৰাৰ্থীক একে প্ৰক্ৰিয়াৰে নিযুক্তি-পত্ৰ দিয়া হ’ব বুলি সদৰী কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *