অসমীয়া সমাজ জীৱনৰ অন্যতম স্বাভিমানৰ প্ৰতীক ৰঙা বাছ সমূহ।অসম পৰিবহণ নিগমৰ অধীনত গ্ৰাম্যাঞ্চলৰ পৰা চহৰ অঞ্চললৈ সংযোজনৰ প্ৰধান বাহক এই ৰঙা ৰঙৰ বাছ সমূহ।কিন্তু এতিয়াৰে পৰা ৰাজপথত হয়টো নচলিব চৰকাৰী ৰঙা বাছ সমূহ। ৰাজ্যিক পৰিবহণ বিভাগে এমাহতে দিলে ৮৩ গৰাকী কৰ্মচাৰীক স্বেচ্ছামূলক অৱসৰ। বৰ্তমান চৰকাৰখনৰ কাৰ্যকালত মৃত্যুমুখী হ’ব ধৰিছে অসম ৰাজ্যিক পৰিবহণ বিভাগ। যিহেতু ৰাজ্যিক পৰিবহণ নিগমক ব্যক্তিগত খণ্ডক গতোৱাৰ সিদ্বান্ত লৈছে ৰাজ্য চৰকাৰে।ইয়াৰ পূৰ্বেও বৰ্তমান গুৱাহাটীৰ ৰাজপথত চলি থকা চি এন জি,ইলেক্ট্ৰিক বাছ সমূহৰ পৰিচালনাৰ দ্বায়িত্বও ব্যক্তিগত খণ্ডক গতাইছে চৰকাৰে।সেয়েহে পৰিবহণ নিগমে যোৱা ৩১ মাৰ্চত ৮৩ গৰাকী কৰ্মচাৰীক প্ৰদান কৰিছে স্বেচ্ছামুলক অৱসৰ।ইয়াৰ পূৰ্বেও ২৬০ গৰাকী কৰ্মচাৰীয়ে লৈছে স্বেচ্ছামুলক অৱসৰ।চলিত বৰ্ষত অসম পৰিবহণ নিগমে একাংশ কৰ্মচাৰীক স্বেচ্ছামুলক অৱসৰ প্ৰদান কৰাৰ পিছতে বৰ্তমান অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰীৰ সংখ্যা ৫০০ জনলৈ হ্ৰাস পাইছে।পৰিবহণ বিভাগৰ স্বেছামুলক অৱসৰ লোৱা কৰ্মচাৰীক এককালীন পাঁচ লাখ টকা প্ৰদানৰ আশ্বাসৰ লগতে কৰ্মচাৰীৰ স্বেচ্ছামূলক অৱসৰৰ সিদ্ধান্তত বৰ্তমান বাৰুকৈয়ে প্ৰশ্নৰ অৱতাৰণা কৰিছে পৰিবহণ বিভাগৰ ভৱিষ্যতকলৈ।ইয়াৰ বিপৰীতে স্থায়ী কৰ্মচাৰীৰ ওপৰি ঠিকা ভিত্তিত কৰ্মচাৰী আছে ২,৩০০ গৰাকী। আনহাতে পৰিবহণ নিগমৰ পূৰ্বৰ ভূমি ইতিমধ্যে উত্তৰ-পূৱ সীমান্ত ৰে’লৱেক প্ৰদানৰ সিদ্ধান্ত লৈছে।ৰেল বিভাগক পৰিবহণ বিভাগৰ ভূমি হস্তান্তৰ কৰাৰ বিনিময়ত ৰে’ল বিভাগে জালুৱাৰীৰ বৃহৎ পিটনি গতাইছে পৰিবহণ বিভাগক।কিন্তু সেই ভূমি বৰ্তমান আছে বেদখল কাৰীৰ কবলত।ফলত সেই পিতনি পুতি পৰিবহণ নিগমে তাত আস্থান গঢ়িবলৈ কোটি টকাৰ প্ৰয়োজন হ’ব ।কিন্তু যিটো নিগমে লোকচানৰ দোহাই দি কৰ্মচাৰীক স্বেচ্ছামুলক অৱসৰ প্ৰদান কৰি আছে,বাছ নিলাম কৰি আছে ,সেইটো পৰিবহণ নিগমে তেনে এটা বৃহৎ পিতনি কোটি টকাৰে কেনেদৰে পুতিব,সেয়া হৈছে বৰ্তমান এক ডাঙৰ প্ৰশ্ন।