আজি লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্টিত হ’ল

Share

দেশৰ ১০ খন ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত প্ৰদেশৰ ৯৬ টা লোকসভা সমষ্টিত হল চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ। ইয়াৰ ভিতৰত অন্ধপ্ৰদেশৰ ২৫ খন, তেলেংগানাৰ ১৭, উওৰপ্ৰদেশৰ ১৩ খন, মহাৰাষ্ট্ৰৰ ১১ খন, মধ্যপ্ৰদেশ আৰু পশ্চিমবংগৰ ৮ খন, বিহাৰৰ ৫ খন, ওডিশা আৰু ঝাৰখণ্ডৰ ৪ খন,জম্মু-কাশ্মিৰৰ এখনকৈ আসনত ভোটগ্ৰহণ অনুষ্টিত হল। চতুৰ্থ পৰ্যায়ৰ বিশিষ্ট প্ৰাৰ্থীৰ ভিতৰত আছে সমাজবাদী  পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱ(কন্নৌজ), এন এচ পিৰ ওমৰ আব্দুল্লাহ(শ্ৰী নগৰ), কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিং(বেগুছৰাই), আৰু নিত্যানন্দ ৰায়(উজিয়াৰপুৰ) কংগ্ৰেছৰ অধিৰন্জন চৌধুৰী(বহাৰমপুৰ) তৃণমূলৰ মহুৱা মৈএ(কৃষ্ণনগৰ) আৰু শক্ৰঘ্নন সিনহা(আছানছাল), এ আই এম আই এমৰ মুৰব্বী আছাদুদ্দিন ওৱেইছি(হায়দৰাবাদ)আৰু অন্ধপ্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাই এছ শৰ্মিলা(কদাপা)। প্ৰথম তিনিটা পৰ্যায়ত ভোটদানৰ হাৰ ক্ৰমে ৬৬.১৪ শতাংশ, ৬৬.৭১ শতাংশ, আৰু ৬৫.৬৮ শতাংশ। যোৱা তিনিটা পৰ্যায়ত প্ৰচণ্ড গৰমৰ বাবে ভোটদানৰ হাৰ হ্ৰাস পাইছিল। এইবাৰ লোকসভা নিৰ্বাচনৰ চতুৰ্থ  পৰ্যায়ত ৮.৭৩ কোটি মহিলাকে ধৰি ১৭.৭০ কোটিৰো অধিক ভোটাৰে মতদান কৰিব। ভোটদানৰ বাবে ১.৯২ লাখ ভোটকেন্দ্ৰত ১৯ লাখৰো অধিক ভোটগ্ৰহণ বিষয়া মোতায়েন কৰা হৈছে। উল্লেখ্য যে, অন্ধপ্ৰদেশৰ ১৭৫খন বিধানসভা আসন আৰু ওডিশাপ ২৮খন বিধানসভা আসনতো ভোটগ্ৰহণ অনুষ্টিত হল ।

Leave a Reply

Your email address will not be published. Required fields are marked *