দৰঙৰ দেউল উৎসৱ

Share
✍️ লভিতা চহৰীয়া
ব’হাগ বুলি ক’লেই এক মিঠা আমেজ।পদূলিৰ নাহৰ জোপা ফুলি সৌন্দৰ্য্য বিলাই তগৰ ,কেতেকী ফুলৰ গোন্ধই মলমলাই লগতে কপৌ ফুলজোপাও ফুলি শোভা বঢ়ায়।ব’হাগ বুলি ক’লেই কুলিৰ মাত,ঢোল পেপা গগণাৰ মাত।সমগ্ৰ অসমবাসীৰ মন ব’হাগ মাহত ৰঙালী বিহুৰ আনন্দত মতলীয়া হৈ থাকে।এই ব’হাগ মাহতেই দৰঙৰ প্ৰান্তে প্ৰান্তে উদযাপন কৰা হয় দেউল উৎসৱ।ব’হাগ বুলি ক’লেই মোৰ বিহুৰ লগতে দেউলৰ কথাই মনলৈ আহে।সৰুতে দেউল চাব লৈ যাবৰ বাবে দেউতাক কুটৰি থকা কথাবোৰ এতিয়া স্মৃতিৰ মানসপটত ভাহে।খুলীয়া ভাউৰীয়া চাবৰ বাবে মোৰ দেউল চাব যোৱাৰ হেঁপাহটো বেছি আছিল।সৰুতে ব’হাগ মাহ আহিলেই মই এইটোৱে জানিছিলোঁ যে ৰঙালীৰ ৰঙত মানুহ মতলীয়া হৈ থকাৰ লগতে দেউল উৎসৱত মই খুলীয়া ভাউৰীয়া চাব যাব পাম।ডাঙৰ হৈ অহাৰ লগে লগে কিতাপে -পত্ৰই দেউল উৎসৱৰ বিষয়ে পঢ়ি ভিন্ন কথা জানিব পাৰিলোঁ।দেউল উৎসৱৰ বিষয়ে বহুসংখ্যক মানুহে জানে যদিও কিছু কিছু ঠাইৰ মানুহে এই দেউল উৎসৱ প্ৰকৃততে কি নজনাকৈ নথকা নহয়।যিহেতু এই উৎসৱ মূলতঃদৰঙতহে উদযাপন কৰা হয়।
দৰঙৰ এই দেউল উৎসৱ মূলতঃ বিষ্ণু পূজাৰ এক অনুষ্ঠান।দেউল উৎসৱৰ পৰম্পৰা আৰু ইতিহাস সম্পৰ্কে থকা তথ্য মতে,খৃষ্টীয় একাদশ শতিকাৰ পৰাই এই দেউল উৎসৱ নিৰৱচ্ছিন্নভাৱে বৰ্তমানলৈ চলি আছে।এই উৎসৱৰ সূচনা কৰিছিল,ধৰ্মদেৱ বিপ্ৰ ভূঞাই।প্ৰবাদ মতে ধৰ্মদেৱ বিপ্ৰ ভূঞাই দৰং জিলাৰ বৰাবাৰীত(বৰ্তমানৰ বৰদৌলগুৰিত) সত্ৰ পাতি বসবাস কৰিছিল।ধৰ্ম প্ৰচাৰৰ কামত সততে জড়িত থকা বিপ্ৰ ভূঞাই সেই সময়ত মানুহৰ মনত আধ্যাত্মিক চিন্তা-চেতনা জাগ্ৰত কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল।সেই উদ্দেশ্য আগত ৰাখিয়েই তেওঁ বিষ্ণুৰ প্ৰিয় মাহ ব’হাগৰ পহিলা দিনটোত এই উৎসৱ আৰম্ভ কৰিছিল।ধৰ্মদেৱ বিপ্ৰ ভূঞাই একাদশ শতিকাতে পোন প্ৰথমবাৰৰ বাবে বৰদৌলগুৰিত বিষ্ণু পূজাৰ জৰিয়তে দেউল উৎসৱৰ পাতনি মেলে।প্ৰথম অৱস্থাত এই বৰদৌলগুৰিৰ বৰ দেউলেই দৰং জিলাৰ একমাত্ৰ দেউল উৎসৱ আছিল যদিও পৰৱৰ্তী সময়ত দৰং জিলাৰ বিভিন্ন স্থানত দেউল উৎসৱ পালনৰ পৰম্পৰা সৃষ্টি হয়।
এই দেউল উৎসৱত দেউলৰ ভেটি আৰু তাত বিগ্ৰহ স্থাপনৰ তাৎপৰ্য মন কৰিবলগীয়া।দেউল উৎসৱ অনুষ্ঠিত কৰিবৰ বাবে প্ৰতিখন গাঁৱতে স্থায়ী অথবা অস্থায়ী কৈ এটা ওখ মাটিৰ ভেটি বনোৱা হয় ,ইয়াক ‘দেউলৰ ভিঠি’ বুলি জনা যায়।দেউলৰ দিনা পুৱাৰ ভাগত দেউল খলাতে মাটিৰে নিৰ্মাণ কৰা ওখ দৌলৰ সৰ্বোচ্চ শিখৰত বিষ্ণুৰ বিগ্ৰহ প্ৰতিষ্ঠা কৰা হয়।বিগ্ৰহৰ দুয়োকাষে কলা কৌশলযুক্ত মগৰ খোদিত কৰা দুচলা ফুলাম কাঠৰ দাণ্ডি স্থাপন কৰা হয়।স্থাপনৰ আগতে তেল-সেন্দুৰেৰে ৰঞ্জিত কৰা হয়।বিষ্ণু বিগ্ৰহ স্থাপন কৰা ওখ দৌলটো তলৰ পৰা ওপৰলৈ সৰু সৰু সাতোটা ভাগ কৰি ধুনীয়াকৈ সজোৱা হয় আৰু সৰ্বোচ্চ শিখৰত বিগ্ৰহ স্থাপন কৰা হয়।এই ভাগ সাতোটাই সপ্তদীপ বা সপ্তমহীক বুজায়।এই দেউল উৎসৱত বিষ্ণু পূজা সদায় উত্তৰ মুখীয়াকৈ কৰা হয়।প্ৰলয় জলত বিষ্ণু অনন্ত শয্যাত উত্তৰমুখীয়াকৈহে শুই আছিল বুলি শাস্ত্ৰত উল্লেখ আছে।দেউলৰ এই বিষ্ণু পূজাৰ জৰিয়তে মানুহৰ অপায়-অমঙ্গল ,অশান্তি সমস্যা আদি দূৰ হয় বুলি জনবিশ্বাস প্ৰচলিত হৈ আহিছে।
দেউল উৎসৱৰ জৰিয়তে দৰঙী ৰজা সকলে জনসাধাৰণৰ মাজত ধৰ্মীয় ভাৱ-ধাৰাৰ লগতে জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে একতা আৰু ভাতৃত্ববোধ জগাই তুলিবলৈ সক্ষম হৈছিল।দেউল উৎসৱত বিষ্ণু পূজাৰ উপৰিও মেলাৰ আয়োজন কৰা হয়।ঘোঁৰাবান্ধা,বুঢ়ীনগৰ,বৰদৌলগুৰি আদি দেউল বোৰত বৃহৎ মেলা বহে।শিমলু তুলা,থেকেৰা টেঙাৰ শুঠি,সৰ্থেবাৰী ,হাজো আদি ঠাইৰ কাঁহ-পিতলৰ বাচন-বৰ্তন বেচা-কিনা কৰা বৃহৎ মেলালৈ পৰ্যবসিত হৈছে।ইয়াৰ জৰিয়তে ব্যৱসায়ী সকলো লাভান্বিত হোৱাৰ লগতে ৰাইজেও প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰাৰ সুযোগ পায়।কাঁহ-পিতলৰ বাচন বৰ্তন কিনিবলৈ আজিও ঘোঁৰাবান্ধাৰ দেউলত মানুহৰ ভিৰ।
ব’হাগ মাহৰ বিভিন্ন দিনত দৰঙৰ বিভিন্ন অঞ্চলত অনুষ্ঠিত সৰু বৰ দেউলৰ নাম- জলজলি ,বামুণপাৰা,খটৰা ,ঠেকেৰাবাৰী,ৰইনাপীত,মাইৰ সুঁৱৰি সত্ৰৰ দেউল,বিহুভাঙা,নামখলা,আঠিয়াবাৰী, গোমঠা,ধোপৰতল,ৰাজঘাট, ওডালগুৰি জিলাৰ ভিতৰত কলাইগাঁও ,টংলা ,খাম্পাখলা দেউল আদি। দৰঙৰ দেউল উৎসৱ মূলতঃএক বসন্তকালীন লোক-উৎসৱ হ’লেও এই দেউল উৎসৱে বহন কৰি আহিছে দৰঙীয়া ৰাইজৰ স্বকীয় ঐতিহ্য আৰু সংস্কৃতি।
দেউল উৎসৱত বিহু, দিহানাম,সুকনানি ওজাপালি, দেওধনী নৃত্য, ঢেপা-ধুলীয়া,বৰ-ঢুলীয়া ,খুলীয়া ভাউৰীয়া আদি বিভিন্ন কলা-কৃষ্টিৰ প্ৰদৰ্শনে এই উৎসৱ অধিক আকৰ্ষণীয় কৰি তোলে।এই উৎসৱৰ জৰিয়তে মানুহৰ মাজত সম্প্ৰীতি এনাজৰী আৰু অধিক দৃঢ় হয়।আধুনিকতাৰ পৰশে এই উৎসৱটি বহুখিনি কলুষিত কৰিব ধৰিছে।আজি কালি ঠায়ে ঠায়ে জুৱা খেলাও দেখা যায় ,যিটো ভৱিষ্যত প্ৰজন্মৰ বাবে বিপদজনক। আগতে যি ধৰণৰ দৰঙীয়া কলা-কৃষ্টিৰ প্ৰদৰ্শন হৈছিল আজি-কালি ঠিক আগৰ দৰে নহয়।এতিয়া খুলীয়া ভাউৰীয়া দেখা নাযায় বুলিয়ে ক’ব পাৰি ,ক’ৰবাত দুই এঠাইতহে প্ৰদৰ্শন হয়।এনেকৈ হ’লে ভৱিষ্যত প্ৰজন্মৰ বাবে খুলীয়া ভাউৰীয়া ,ঢেপা ঢুলীয়া এইবোৰ সাঁথৰ হৈ ৰ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *