বিহু আৰু বজাৰ

Share
✍️ বেনজিন চুলতানা,বাইহাটা চাৰিআলি
ব’হাগ মানেই আনন্দ; এক নতুন আৰম্ভণি। ব’হাগে যেন লৈ আহে জাতিটোৰ উল্লাস ,স্বপ্ন আৰু আশা। কোমল কুঁহিপাতৰ দৰে উদ্ভাসিত হৈ পৰে প্ৰতিজন অসমীয়াৰ মন।  বিহু বুলি ক’লে ঢোল, পেঁপা, গণনাৰে ৰজনজনাই উঠা পৰিৱেশটোৰ মাজত আমাৰ মনলৈ আহে পৰম্পৰাগত বিহুৰ বজাৰখনৰ কথা। বিহুৰ বজাৰত বিৰাজ কৰে এক উৎসৱমুখী পৰিৱেশে। বজাৰ খনক  সমন্বয়ৰ মিলনভূমি বুলি ক’ব পাৰি। কিয়নো বিহুৰ বজাৰৰ উখল -মাখল পৰিৱেশৰ মাজতে মিলিত হয় বেলেগ বেলেগ জাতি, ধৰ্মাৱলম্বীৰ লোকসকল, আত্মীয় -কুটুম , বন্ধুবৰ্গ। সকলোৱে একেলগ হৈ হাঁহি-ধেমালী কৰি বজাৰ কৰি লাভ কৰে বিহুৰ অন্য এক আনন্দ। কিন্তু বৰ্তমান সময়ত বজাৰ ব্যৱস্থাৰ পৰিৱৰ্তনৰ লগে লগে এনেকুৱা আনন্দবোৰো হ্ৰাস পোৱা যেন অনুভৱ হয়। পৰম্পৰাগত বিহুৰ বজাৰবোৰ সলনি হ’বলৈ ধৰিছে অনলাইন মাধ্যমলৈ। উদাহৰণস্বৰূপে, বৰ্তমান অসমীয়াৰ মান গামোচা, মেখেলা-চাদৰ ইত্যাদি অনলাইন মাধ্যমত উপলব্ধ হৈছে। ইয়াৰ লগে লগে স্হানীয় বজাৰৰ বিক্রীৰ হাৰ হ্ৰাস পোৱা দেখা গৈছে। যিহেতু বিহু কেন্দ্রীক একোখন বজাৰ স্হানীয় ৰাইজৰ দ্বাৰা পৰিচালিত, গতিকে বিক্রীৰ পৰিমাণ হ্ৰাস হোৱাৰ লগে লগে ব্যৱসায়ীসকলৰ আৰ্থিক দিশতো যথেষ্ট ক্ষতি হোৱা দেখা যায়। বিহুৰ বতৰত এপইচা বেছিকৈ অৰ্জন কৰাৰ সময়ত এনেধৰণৰ ক্ষতিয়ে আৰ্থিক দিশৰ লগতে সামাজিক দিশতো বিৰূপ প্ৰভাৱ পেলায়। ইয়াৰ ফলত বিহু উপলক্ষে অনুষ্ঠিত হোৱা অনুষ্ঠানবোৰত ব্যৱসায়ীসকলে বৰঙণি দিয়াৰ ক্ষেত্রত  অসুবিধাৰ
সন্মুখীন হোৱা দেখা যায়। বজাৰৰ  অৰ্থনৈতিক ভূমিকাৰ লগতে সামাজিক ভূমিকাও আছে। একোখন বজাৰৰ সফলতা, বিফলতাৰ ওপৰত স্হানীয় লোকসকলৰো অৰ্থনৈতিক দিশতো নিৰ্ভৰ কৰে। তদুপৰি পৰম্পৰাগত বজাৰৰ পৰিৱৰ্তে হোৱা অনলাইন মাধ্যমে হ্ৰাস কৰি পেলোৱা নাই জানো উৎসৱৰ আনন্দ আৰু ৰংবোৰ? সকলোৱে একেলগে মিলি বজাৰ কৰা সমন্বয়ৰ মিলন ভূমি বজাৰখন আজি সলনি হৈ পৰিছে অনলাইন অৰ্ডাৰ, ট্ৰেকিং,পাৰ্চেল ইত্যাদি শব্দলৈ। ইয়াৰ কাৰণ কি হ’ব পাৰে বাৰু? পৰম্পৰাগত বিহু কেন্দ্রীক বজাৰলৈ যোৱাৰ সময়ৰ অভাৱ, দাম-দৰ নে অনলাইন মাধ্যমৰ সুবিধা সমূহ? অনলাইন মাধ্যমৰ সুবিধাৰ কথা ক’লে ঘৰতে বহি কম সময়তে বিভিন্ন ধৰণৰ বস্তু  চোৱা, নিদিষ্ট অফাৰ , নিদিষ্ট সময়ত বস্তুবোৰ নিজ ঘৰ, কৰ্মভূমিলৈ অনলাইন যোগে অহা, আকৌ পচন্দ নহ’লে সহজে ঘূৰাই দিব পৰা সুবিধাৰ কথা উনুকিয়াব পাৰি। অৱশ্যে ইয়াৰ ঋণাত্মক দিশ নথকাও নহয় । কেতিয়াবা অৰ্ডাৰ দিয়া সামগ্রীৰ গুনাগত মান কিছু কম দেখা যায়।
বিশেষকৈ আমাৰ বয়সৰ ল’ৰা-ছোৱালী (২২/২৩/২৪ বছৰ) সকল এই  ক্ষেত্রত বেছি আকৰ্ষিত হোৱা দেখা যায়। বিহু, ঈদ ইত্যাদিৰ দৰে উৎসৱমুখী পৰিৱেশত হোৱা অনলাইন মাধ্যমৰ সদূৰপ্ৰসাৰী প্ৰভাৱৰ ফলত এদিন বৃহৎ ক্ষতি হ’ব নেকি স্হানীয় বজাৰবোৰৰ? ভৱিষ্যতে গৰুক দিয়া পঘা, দীঘলতী, মাখিয়তী পাত ও অনলাইন উপলব্ধ হ’ব নেকি? বিহুৰ পৰম্পৰাগত শুভেচ্ছাবোৰো আজি বিলীন হৈছে এক virtual জগতত। আজিকালি  বিহুৰ আন্তৰিকতাৰে ভৰা মানুহৰ মৰমসনা মাতবোৰ যেন মেচেজ আকাৰে Whatsapp, Facebookৰ কোনোবা এক চুকতহে  আৱদ্ধ। ভৱিষ্যতে বিহুৰ শুভেচ্ছা, আশীর্বাদবোৰ সম্পূর্ণৰূপে অনলাইন মাধ্যমৰ ৰূপ ল’ব নেকি বাৰু? ঢেকীৰ  চাববোৰ এদিন হেৰুৱাই যাব নেকি virtual পৃথিৱীত? এদিন  আইৰ আখলৰ  বিহুত পোৰা পিঠা -পনাও অনলাইন উপলব্ধ হ’ব নেকি অন্যান্য বিৰিয়ানি, ৰোল, ম’ম’, চাওমিন ইত্যাদি খাদ্যৰ দৰে? পৰিৱৰ্তন আমাৰ কাম্য, কিন্তু শিপাক বাদ দি নহয়। সময়ৰ লগে লগে পৰিৱৰ্তন অনিবার্য। শিপাক ধৰি পৰিৱৰ্তনৰ দিশলৈ আগুৱাই যাবলৈ আমি সাজু। এইয়া সমাজৰ বাবে, জাতি উন্নয়নৰ বাবে এক সুন্দৰ পদক্ষেপ। কিন্তু শিপাৰ পৰা বিচ্ছেদিত পৰিৱৰ্তন সমাজৰ বাবে, জাতিৰ বাবে হানিকাৰক ।অসমীয়াৰ প্রাণ বাপতি সাহোন ৰঙালী বিহুটি সদায় ৰাঙালী হৈয়ে থাকক। নতুনে ঠন ধৰক এই বসন্তত। বসন্তৰ মধুৰ পৰসত অসম হৈ পৰক এক মনোৰাম কুঞ্জকানন। কুলি – কেতেকীৰ মাতে বিলাওক প্রেম তথা  সমন্বয়ৰ এক নতুন সঁফুৰা। গাই থাকক চিৰ বসন্তৰ গান।

Leave a Reply

Your email address will not be published. Required fields are marked *