পৰিবহণ বিভাগৰ প্ৰশংসনীয় পদক্ষেপ : কভিড যোদ্ধাক প্ৰদান কৰা হৈছে চালকৰ অনুজ্ঞাপত্ৰ

Share

বন্দনা হাজৰিকা

কভিডৰ সময়ত নিজৰ জীৱনকো আওকান কৰি চিকিৎসা সেৱাৰ লগত জড়িত যি সকল চালকে সেৱা আগবঢ়াই আহিছে তেওঁলোকক প্ৰদান কৰা হৈছে চালকৰ অনুজ্ঞাপত্ৰ । বুধবাৰে জিলা পৰিবহন বিভাগৰ কাৰ্যালয়ত শিকাৰু চালকৰ অনুজ্ঞাপত্ৰ প্ৰদান কাৰ্যসূচী আৰম্ভ কৰা হয় । এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ উপ-অধীক্ষক ডাঃ উজ্জ্বল শৰ্মাই । অহা ৩১ আগষ্টলৈ প্ৰতিদিনে ১০ জনকৈ স্বাস্থ্য সেৱাৰ লগত জড়িত শিকাৰু চালকক অনুজ্ঞাপত্ৰ প্ৰদান কৰা হ’ব বুলি জনায় জিলা পৰিবহণ বিষয়া গৌতম দাসে ।

     উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিধানসভাত গাড়ীৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰা প্ৰক্ৰিয়াটো সৰল কৰিবলৈ জিলা পৰিবহন বিষয়াক আহ্বান জনাইছিল ।আৰু তাৰেই পৰিপ্ৰেক্ষিতত এই সকল চালকক অনুজ্ঞাপত্ৰ প্ৰদান কৰা হৈছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *