কাইলৈ দেশত দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন , ভিন্ন প্ৰান্তত শাসক বিৰুধীৰ প্ৰচাৰ অভিযান

Share

লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ ইতিমধ্য়ে  হৈ গৈছে । কাইলৈ ২৬ এপ্ৰিলত অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ । দ্বিতীয় পৰ্যায়ৰ আউটাৰ মণিপুৰ লোকসভা সমষ্টিৰ বাকী অংশৰ উপৰি ১৩ খন ৰাজ্য় আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৮৮ খন আসনৰ বাবে ভোটগ্ৰহণ হ’ব। দ্বিতীয় পৰ্যায়ত সামৰি  লোৱা সমষ্টিসমূহৰ ভিতৰত অসমৰ দৰং-ওদালগুৰি, ডিফু , কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ছত্তিশগড়ৰ অম্বিকাপুৰ চহৰ আৰু মদ্য়প্ৰদেশৰ সাগৰ জিলাত প্ৰচাৰ চলায়। নৰেন্দ্ৰ মোদীৰ সৈতে ভূপালৰ মুখ্যমন্ত্ৰী ড০ মোহন যাদবৰ আৰু আলোক শৰ্মাই ভূপালত এটা ৰোড শ্ব’তো অংশগ্ৰহণ কৰে। অমিত শ্বাহে কালি বিয়লি কেৰেলাৰ আল্লাপুঝাত এখন নিৰ্বাচনী সভাক সম্বোধন কৰে। আনহাতে কংগ্ৰেছৰ জ্য়েষ্ঠ নেতা ৰাহুল গান্ধীয়ে কালি মহাৰাষ্টৰ অমৰাৱতীত নিৰ্বাচনী সভাত আংশ লয়। অখিলেশ যাদৱে কালি উত্তৰ প্ৰদেশৰ মেইনপুৰী আৰু ইটাৱা জিলাত প্ৰচাৰ অভিযানত অংশ লয়। মধ্য় প্ৰদেশৰ বেটুল সমষ্টিত বি এছ পি প্ৰাৰ্থীৰ মৃত্য়ুৰ পৰিপেক্ষিতত সমষ্টিটোত এতিয়া তৃতীয় পৰ্যায়ত ভোটগ্ৰহণ কৰা হ’ব। দক্ষিণ আৰু মধ্য় অসমৰ এই সমষ্টিকেইটাৰ বাবে ৬১ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদন্বিতা আগবঢাইছে । বিজেপি ৰ হৈ ৰাজ্য়খনৰ পৰিবহণ আৰু আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্য়, সাংসদ কৃপানাথ মাল্লা আৰু দিলীপ শইকীয়া নাৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে । দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত মণিপুৰ সংসদীয় সমষ্টিৰ ৪ গৰাকী প্ৰাৰ্থীসহ মুঠ দেশৰ ১১৯৮ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য় নিৰ্ণয় হ’ব। 

Leave a Reply

Your email address will not be published. Required fields are marked *