আজি লক্ষিমপুৰৰ নিৰ্বাচনী জনসভাত অমিত শ্বাহ

Share

লোকসভা নিৰ্বাচনী প্ৰচাৰৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আজি উপস্থিত থাকিব লক্ষিমপুৰৰ জনসভাত।আজি দুপৰীয়া লক্ষিমপুৰ চহৰৰ জনসভাত অংশ গ্ৰহণ কৰি তিনিচুকীয়ালৈ ৰাওনা হব অমিত শ্বাহ।বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব শ্বাহে।ৰাজ্যত ১৯ তাৰিখৰ পৰা আৰম্ভ হব প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন।কাজিৰঙা,যোৰহাট,ডিব্ৰুগড়,লক্ষিমপুৰ,শোণিতপুৰ ইত্যাদি সমষ্টিত অনুষ্ঠিত হব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন।কাইলৈ সন্ধিয়া ৬.৩০ বজাত ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোনোৱালৰ হৈ তিনিচুকীয়াত এক ৰোড শ্বত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকী।ৰাজ্যত অমিত শ্বাহৰ আগমনক লৈ ত९পৰ হৈ পৰিছে  আৰক্ষী প্ৰশাসন। শৃংখলাজনিত পৰিস্থিতিৰ বাবে গুৱাহাটী,ডিব্ৰুগড়,শোণিতপুৰ,বিশ্বনাথ আদি জিলাৰ সহস্ৰাধিক আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীক মোতায়ন কৰা হৈছে লক্ষিমপুৰ জিলালৈ।কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ লক্ষিমপুৰ ভ্ৰমণক লৈ ৰাজ্যৰ আৰক্ষী প্ৰশাসন ত९পৰ হৈ পৰাৰ সময়তে যাতায়ত ব্যৱস্থা শৃংখলাবদ্ধ কৰাৰ বাবে আৰক্ষীয়ে যানবাহন চলাচল পথৰ সালসলনি কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *