লোকসভাৰ সমাগত নিৰ্বাচনৰ বাবে আজি অৰুণাচল প্ৰদেশলৈ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং।পূব অৰুণাচল প্ৰদেশ সমষ্টিটোৰ অন্তৰ্গত নামছাইত আয়োজিত কৰা এখন বিশাল ৰাজহুৱা সভাত অংশ ল’ব ৰাজনাথ সিঙে৷অৰুণাচল প্ৰদেশৰ পূব সমষ্টিৰ প্ৰাৰ্থী তাপিৰ গাওৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব ৰাজনাথ সিঙে।
গুৰুত্বপূৰ্ণ সংসদীয় আসনৰ বাবে, বিজেপিয়ে অৰুণাচল পশ্চিম সমষ্টিৰ বাবে মন্ত্ৰী কিৰেন ৰিজিজু আৰু পূব সংসদীয় আসনৰ বাবে বৰ্তমানৰ সাংসদ তাপিৰ গাওক মনোনীত কৰিছে। ইফালে, কংগ্ৰেছে ক্ৰমান্বয়ে পশ্চিম আৰু পূব লোকসভা আসনৰ বাবে নাবাম টুকি আৰু বছিৰাম চিৰামক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। ইয়াৰ সমান্তৰালভাৱে আজি অসমতো কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নিৰ্বাচনী প্ৰচাৰ চলায়।