লোকসভা নিৰ্বাচনলৈ মাজত মাথোঁ কেইটামান দিন বাকী ৷ আজি প্ৰখম পৰ্যায়ৰ মনোনয়ন পত্ৰ দাখিল কৰাৰ অন্তিমটো দিন ৷ ১৯ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰক্ৰিয়া ৷ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হব ডিব্ৰুগড়, কাজিৰঙা, শোণিতপুৰ, যোৰহাট, লখিমপুৰত ৷ যোৱা ২৬ তাৰিখে যোৰহাট সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে দাখিল কৰিছিল মনোনয়ন পত্ৰ ৷ তাৰ সমান্তৰালকৈ মনোনয়ন পত্ৰ দাখিল কৰিছিল বিজেপিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল আৰু কংগ্ৰেছৰ প্ৰাৰ্থী লুৰিণজ্যােতি গগৈয়ে ৷ ঠিক তেনেকৈ আজি অন্তিমটো মনোনয়ন দাখিল কৰিলে যোৰহাট সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈ আৰু কাজিৰঙা সমষ্টিৰ পৰা কামাখ্যাপ্ৰসাদ তাছায়ে ৷ লগতে আজিৰ এই মনোনয়ন পত্ৰ অনুষ্ঠানত যোৰহাট আৰু গোলাঘাটত উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ৷ ইতিমধ্যে মনোনয়ন পত্ৰ দাখিল কৰিলে তপন কুমাৰ গগৈ আৰু কামাখ্যাপ্ৰসাদ তাছাই ৷ চাৰিওফালে কেৱল ৰণশিঙা বিজেপিৰ ৷ যোৱা ২৬ তাৰিথে বিজেপিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈক সমৰ্থন কৰিবলৈ বিজেপিৰ জয়ধব্বনি দি একাংশ লোকে বাইক ৰেলী অনুষ্ঠিত কৰে ৷ এই বাইক ৰেলীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ আজি এই মনোনয়ন দাখিল কৰি আনন্দিত হৈ পৰিছে যোৰহাটৰ প্ৰাৰ্থী তপন কুমাৰ তাছা আৰু কাজিৰঙাৰ প্ৰাৰ্থী কামাখ্যাপ্ৰসাদ তাছা। এফালে ডিব্ৰুগড়ৰ আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰে ও দাখিল কৰিলে মনোনয়ন পত্ৰ ।