চৰ্চাত আছিল আনন্দ মিশ্ৰ।বাক্সাৰ সমষ্টিৰ পৰা বিজেপিয়ে টিকট দিব আনন্দ মিশ্ৰক।কিন্তু সকলো সলনি হ’ল,বিজেপিৰ পঞ্চমখন তালিকা মুকলি হোৱাৰ পাছত।বিজেপিয়ে বাক্সাৰ সমষ্টিৰ পৰা টিকট নিদিলে আনন্দ মিশ্ৰক।তাৰ সলনি মিথিলেশ তিৱাৰীক বিজেপিয়ে টিকট প্ৰদান কৰে।ইয়াৰোপৰি বক্সাৰ কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী চৌবৰৰ টিকট বাতিল কৰি বিজেপিয়ে টিকট দিলে মিথিলেশ তিৱাৰীক।চাকৰি ত্যাগ কৰি ৰাজনীতিত নামিছিল আনন্দ মিশ্ৰ,কিন্তু টিকট নাপাই আনন্দ মিশ্ৰ অসন্তষ্ট হৈ পৰে।আনহাতে দীৰ্ঘদিন ধৰি বাক্সাৰত ৰাইজৰ মাজত অংশগ্ৰহণ কৰি পথ সজাগতাৰ পৰা আৰম্ভ কৰি বহু কামত অংশ লৈছিল আনন্দ মিশ্ৰই।এনে পৰিস্থিতিত টিকট নোপোৱাৰ পিছত আনন্দ মিশ্ৰ আৰু তেওঁৰ সমৰ্থকসকল হতাশ হৈ পৰে।