সমাগত লোকসভা নিৰ্বাচন। ইতিমধ্যেই শাসকীয় দল ভাৰতীয় জনতা পাৰ্টীয়ে ঘোষণা কৰিলে পঞ্চমখন প্ৰাৰ্থীৰ তালিকাৰ নাম। এই পঞ্চমখন প্ৰাৰ্থীৰ তালিকাত নাম অন্তর্ভুক্ত কৰা হৈছে বলিউডৰ অভিনেত্ৰী কংগনা ৰানাৱটৰ। শাসকীয় দল ভাৰতীয় জনতা পাৰ্টীয়ে আগন্তুক লোকভা নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰিছে বলিউডৰ অভিনেত্ৰী কংগনা ৰণৌতক। হিমাচল প্ৰদেশৰ মাণ্ডি সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াব বলিউডৰ অভিনেত্ৰী কংগনা ৰানাৱটে। জন্মস্থান মাণ্ডি সমষ্টিৰ পৰা টিকট লাভ কৰাৰ লগে লগে বলিউডৰ অভিনেত্ৰীগৰাকীয়ে আনন্দ প্ৰকাশ কৰি কয় যে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি তেওঁৰ সদায় চৰ্তহীন সমৰ্থন আছে। উল্লেখ্য যে, ভাৰতীয় জনতা পাৰ্টীয়ে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ১৬ খন ৰাজ্যৰ প্ৰাৰ্থীৰ পঞ্চমখন তালিকা প্ৰকাশ কৰে। য’ত বলিউডৰ অভিনেত্ৰী কংগনা ৰানাৱটক হিমাচল প্ৰদেশৰ মাণ্ডিৰ পৰা মনোনীত কৰা হৈছে।