লোকসভা নিৰ্বাচনৰ পূৰ্বে পুনৰ কংগ্ৰেছত খহনীয়া।এইবাৰ বিজেপিত যোগদান কৰিলে প্ৰাক্তন কংগ্ৰেছী সাংসদ দ্বিজেন শৰ্মাই।
সাংসদ পবিত্র মাৰ্ঘেৰিটা, বিজেপি সভাপতি ভবেশ কলিতা, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ৰ উপস্থিতিত গেৰুৱা বসন পিন্ধে কংগ্ৰেছৰ নেতা গৰাকীয়ে। বৰ্তমান যেন জেষ্ঠ নেতাৰ অভাৱ হৈ পৰিছে কংগ্ৰেছত। লগতে প্ৰাক্তন বিধায়ক ক্লেংদং ইংতিয়েও যোগদান কৰে বিজেপিত।
ইয়াৰোপৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক শৈলেন বৰাৰ লগতে মহিলা কংগ্ৰেছৰ প্ৰাক্তন সম্পাদিকা শ্বেহনাজ য়াছমিন হকৰো যোগদান বিজেপিত। দলীয় নেতৃত্বৰ অভাৱ লগতে নীতিৰ পৰা আতৰি যোৱা কংগ্ৰেছ দলটোৰ পৰা বৰ্তমান এজন কৈ প্ৰাক্তন নেতাই এৰিছে দল ।