আজি সকলো ৰাইজলৈ এক বিশেষ জাননী প্ৰেৰণ কৰিছে APDCL এ। সকলো ৰাইজক সম্পূৰ্ণ এঘন্টাৰ বাবে বিদ্যুৎ বন্ধ কৰিবলৈ আহ্বান জনাইছে বিদ্যুৎ বিভাগে। আজি নিশা ৮:৩০ বজাৰ পৰা ৯:৩০ বজালৈকে মুঠ এঘণ্টা সময়ৰ বাবে জৰুৰীকালীন স্থান সমূহক বাদ দি সকলো বিদ্যুৎ গ্ৰাহকক অপ্ৰয়োজনীয় বিদ্যুৎ কৰ্তন কৰিবলৈ আহ্বান জনাইছে APDCL ৰ ফালৰ পৰা।
উল্লেখ্য যে প্ৰাকৃতিক ভাৰসাম্যতা ৰক্ষাৰ উদ্দেশ্যে অৰ্থাৎ বিদ্যুৎ সঞ্চাৰ কৰাৰ বাবে পালন কৰা হ’ব ধৰিত্ৰী ঘণ্টা। ধৰিত্ৰী ঘণ্টা উপলক্ষে এই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে বিদ্যুৎ বিভাগে । WWF INDIA ৰ আহ্বানত আজি সমগ্ৰ দেশজুৰি পালন কৰা হ’ব ধৰিত্ৰী ঘণ্টা।