লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ অধিসূচনা জাৰি

Share
সমাগত লোকসভা নির্বাচন।১৬ মাৰ্চত ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰাৰ পাছতে আজি ভাৰতৰ নিৰ্বাচন আয়োগে প্রথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ অধিসূচনা জাৰি কৰে। ১৯ এপ্রিলত অনুষ্ঠিত হ’বলগীয়া এই প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ১৭খন ৰাজ্য, ৪খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১০২খন আসনত অনুষ্ঠিত হ’ব। উক্ত অধিসূচনা অনুসৰি বিহাৰৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ অন্তিমটো দিন হ’ব ২৮ মাৰ্চ আৰু অৰুণাচল প্ৰদেশ, অসম, ছত্তীশগড়, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ৰাজস্থান, ছিকিম, তামিলনাডু, ত্ৰিপুৰা, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, পশ্চিম বংগ, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, জম্মু-কাশ্মীৰ, লক্ষদ্বীপ আৰু পুডুচেৰীৰ বাবে মনোনয়ন দাখিলৰ অন্তিম তাৰিখ হ’ব ২৭ মাৰ্চ ৷ 
তদুপৰি অধিসূচনাত কোৱা হৈছে যে বিহাৰৰ মনোনয়ন পত্ৰবোৰৰ তদাৰক ৩০ মাৰ্চত কৰা হ’ব আৰু বাকী ৰাজ্যসমূহৰ পত্ৰৰ তদাৰক কৰা হব ২৮ মাৰ্চত । আনহাতে ভাৰতীয় নিৰ্বাচন আয়োগৰ অধিসূচনা অনুসৰি ২ এপ্ৰিলত বিহাৰ আৰু ৩০ মাৰ্চত অৰুণাচল প্ৰদেশ, অসম, ছত্তীশগড়, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ৰাজস্থান, ছিকিম, তামিলনাডু, ত্ৰিপুৰা, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, পশ্চিম বংগ, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, জম্মু-কাশ্মীৰ, লক্ষদ্বীপ আৰু পুডুচেৰীত প্ৰাৰ্থীত্ব প্ৰত্যাহাৰৰ অন্তিম দিন ।

Leave a Reply

Your email address will not be published. Required fields are marked *