লোকসভা নিৰ্বাচনলৈ মাজত মাথোঁ কেইটামান দিন।নিৰ্বাচনৰ প্ৰাকমূহূৰ্তত জনসাধাৰণৰ মূৰত আন এক মাধমাৰ।যি সময়ত নিৰ্বাচনৰ প্ৰাকমূহূৰ্তত হ্ৰাস কৰিছিল পেট্ৰল,ডিজেলৰ লগতে ৰন্ধন গেছৰ মূল্য,সেইসময়ত কিন্তু দাম বৃদ্ধি কৰিলে জীৱনদায়িনী ঔষধৰ।অহা এক এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব বৰ্ধিত দাম।ঔষধৰ দাম বৃদ্ধিক লৈ ৰাইজৰ মাজত প্ৰতিক্ৰিয়া।ইয়াৰ পূৰ্বেও ২২-২৩ বৰ্ষটো বৃদ্ধি হৈছিল জীৱনদ্বায়িনী ঔষধৰ দাম।২২ বৰ্ষত ১০শতাংশ বৃদ্ধিৰ ওপৰি ২৩ বৰ্ষত বৃদ্ধি পাইছিল ১২শতাংশ ঔষধৰ দাম।
আনহাতে এই বৰ্ষত বৃদ্ধি পাব .০০৫৫ শতাংশ।যিহেতু ঔষধ প্ৰস্তুত কৰা কোম্পানী সমূহে ৰাজনৈতিক দল সমূহক ইলেক্টৰেল বণ্ডৰ জৰিয়তে মোটা অংকৰ বৰঙণি দিব লগা হোৱাৰ বাবেই দাম বৃদ্ধিৰ হোৱাৰ চৰ্চা চলিছে বিভিন্ন মহলত।কেঁচামালৰ দাম বৃদ্ধিৰ অজুহাত দেখুৱাই ঔষধৰ দাম বৃদ্ধিক ব্যাপক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কোম্পানী সমূহে।প্ৰায় ৮০০ জীৱনদ্বায়িনী ঔষধৰ বাঢ়িব মূল্য।ইয়াৰ ভিতৰত আছে পেৰাচিটামল,এনিমিয়াৰোধক,মিনাৰেল ঔষধ,ক’ভিডত ব্যৱহৃত ঔষধ,ষ্টেৰয়ড,কেঞ্চাৰৰ ঔষধৰ দাম।কেন্দ্ৰীয় চৰকাৰৰ এনে পদক্ষেপে বৰ্তমান বিমোৰত পেলাইছে সাধাৰণ জনতাক।