ছেপ্তেম্বৰৰ ভিতৰত ৰাজ্যত কেইবাহাজাৰ চাকৰি

Share

সুপ্রিয়া তৰফদাৰ

গুৱাহাটী, ১২ আগষ্ট : বুধবাৰে সম্পন্ন হৈ যায় অসম চৰকাৰৰ কেবিনেট বৈঠক। এই বৈঠকৰ পাছতে মন্ত্ৰী পীয়ুষ হাজৰিকা, অজন্তা নেওগ আৰু কেশৱ মহন্তই এক সংবাদ মেল সম্বোধন কৰি কেবিনেটৰ সিদ্ধান্তসমূহ ৰাজহুৱা কৰিছে। এই সংবাদ মেলতে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৰাজ্য চৰকাৰে ১ লাখ নিযুক্তিৰ প্ৰসংগ উত্থাপন কৰি কয়, ১ লাখ নতুন চাকৰিৰ ভিতৰত স্বাস্থ্য বিভাগৰ ৮৮৫৫ টা পদ কেবিনেটে মোকলাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে আগন্তুক ছেপ্তেম্বৰ মাহৰ ভিতৰত এই পদসমূহৰ বাছনিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও সদৰী কৰিছে।আনহাতে নিযুক্তি সম্পৰ্কত বিত্তমন্ত্ৰী অজন্তা নেওগে উল্লেখ কৰে, স্বাস্থ্য, শিক্ষা, গৃহ বিভাগত ৫২,৫০০ পদ অনুমোদন দিয়া হৈছে। আগন্তুক ছেপ্তেম্বৰ মাহৰ ভিতৰত এই সমগ্ৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব।কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে পৰিবহন আৰু দক্ষতা উন্নয়ন বিভাগৰ যৌথ উদ্যোগত ৰাজ্যৰ প্ৰতিটো সমষ্টিৰ ৫০ গৰাকীকৈ মুঠ ৬,৬০০ যুৱক-যুৱতীক গাড়ী চালনাৰ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। ৪৫ দিনীয়া প্ৰশিক্ষণৰ অন্তত অনুজ্ঞাপত্ৰ প্ৰদানৰ লগতে আগ্ৰহীসকলৰ বাবে বাণিজ্যিক বা যাত্ৰীবাহী বাহন ক্ৰয় কৰাৰ ক্ষেত্ৰত ১ লাখ টকাৰ ৰাজসাহায্য আগবঢ়োৱা হ’ব।

আনহাতে এই কেবিনেটে ৰাজ্যৰ কৰ্মচাৰীলৈয়ো কঢ়িয়াই আনিছে সুখবৰ। ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ মৰগীয়া বানচ বৰ্তমান ১৭ শতাংশৰ পৰা ১১ শতাংশ বৃদ্ধিৰে ২৮শতাংশ কৰাৰ বাবে কেবিনেটে অনুমোদন জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *