চৰকাৰলৈ সমৰ্থন দুই কংগ্ৰেছ বিধায়কৰ

Share

সমাগত ২০২৪ ৰ লোকসভা নিৰ্বাচন।নিৰ্বাচনৰ পূৰ্বে দল সমূহৰ মাজত চলিছে প্ৰাৰ্থীত্ব কেন্দ্ৰিক কোচকাৱাজ।তাৰ মাজতে কংগ্ৰেছ দলত মুখ্যম আঘাত।এজনৰ পিছত আন এজন বিধায়কৰ দলত্যাগ।এইবাৰ চৰকাৰলৈ সমৰ্থন কংগ্ৰেছৰ মঙলদৈৰ বিধায়ক বসন্ত দাস আৰু কৰিমগঞ্জ উত্তৰ সমষ্টিৰ বিধায়ক কমলাক্ষ দে’পুৰকায়স্থৰ। অসম বিধানসভাৰ বাজেট অধিৱেশন চলি থকাৰ মাজতে বুধবাৰে দুই বিধায়কে সাক্ষা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিৰ  দ্বায়িত্বৰ পৰাও বিধায়ক কমলাক্ষ দে’ পুৰক্য়স্থই পদত্যাগ কৰে। ব্যক্তিগত ভাবে কংগ্ৰেছত থাকিব যদিও সমষ্টিৰ উন্নয়নত সমৰ্থন জনাব বুলি দুই বিধায়কে সদৰি কৰে।আনহাতে অহা ১০ মে’ত বিজেপি চৰকাৰে ৩ বছৰ সম্পূৰ্ণ কৰিব।এই তিনি বছৰত ৭ জন বিধায়কে কাৰ্যতঃ কংগ্ৰেছ এৰিলে।ইয়াৰে দুজনৰ বিজেপিত যোগদান,চাৰিজনৰ সমৰ্থন আৰু এজন ইউডিএফমুখী। এয়া যেন এক বৃহৎ ক্ষতি কংগ্ৰেছ দলৰ বাবে।আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ যাত্ৰা কি হব সেয়া হব এক লক্ষ্যণীয় বিষয়।

Leave a Reply

Your email address will not be published. Required fields are marked *