ব্যতিক্ৰমী ৰূপত এইবাৰ অনুষ্ঠিত হ’ব চিএপিএফৰ পৰীক্ষা

Share

চিএপিএফৰ পৰীক্ষা দিয়া শিক্ষাৰ্থীসকলৰ বাবে এটা সুখবৰ।২০ ফ্ৰেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব চিএপিএফ অৰ্থা९ কেন্দ্ৰীয় সশস্ৰ আৰক্ষী বাহিনীৰ নিযুক্তি পৰীক্ষা ৷ পোন প্ৰথমবাৰৰ অসমীয়া ভাষাত উপলব্ধ হ’ব কেন্দ্ৰীয় আৰক্ষী বাহিনী নিযুক্তি পৰীক্ষাৰ প্ৰশ্নকাকত ৷ ইয়াৰ লগতে থাকিব ১২টা আঞ্চলিক  ভাষাৰ প্ৰশ্নকাকত৷এইবাৰৰ পৰা পৰীক্ষাৰ্থীয়ে ইংৰাজীৰ আৰু হিন্দী বাহিৰেও নিজৰ সুবিধা অনুসৰি এটা ভাষা বাচনি কৰি দিব পাৰিব কেন্দ্ৰীয় সশস্ৰ আৰক্ষী বাহিনীৰ নিযুক্তি পৰীক্ষা ৷ এই পৰীক্ষা অনুষ্ঠিত হ’ব ২০ ফেব্ৰুৱাৰীৰ পৰা ৭ মাৰ্চলৈ৷ দেশৰ ১২৮খন  চহৰত অনুষ্ঠিত কৰা হ’ব এই পৰীক্ষা ৷ নতুনকৈ এই পৰীক্ষাত হিন্দী আৰু ইংৰাজীৰ বাহিৰে সংলগ্ন কৰা ভাষা কেইটা হ’ল-অসমীয়া, বাংলা, গুজৰাটী, মাৰাঠী,মালায়লম, কানাড়া, তেলেগু,ওড়িশা, উৰ্দু, পাঞ্জাৱী, ইয়াৰ উপৰিও কংকনী আৰু মণিপুৰ ভাষাতো প্ৰস্তুত কৰা হ’ব এই নিযুক্তি পৰীক্ষাৰ প্ৰশ্নকাকত৷বহু শিক্ষাৰ্থীয়ে ভাষাৰ প্ৰতি দখল নথকাৰ বাবে বিফল হ’ব লগা হয় এই পৰীক্ষাত৷ এইবাৰৰ পৰা নিজৰ  ভাষাত দিব পাৰিব চিএপিফ নিযুক্তি পৰীক্ষা ৷ কেন্দ্ৰীয় চৰকাৰৰ এই সিন্ধান্তৰ পিচতেই উৎফুল্লিত হৈ পৰিছে লাখ লাখ শিক্ষাৰ্থী।

Leave a Reply

Your email address will not be published. Required fields are marked *