সুস্মিতা বৰা
১১,আগষ্ট: বিগত তিনি বছৰৰ পৰা কৰ্মৰত হৈ আছে এই সকল কৰ্মচাৰী, কিন্তু পোৱা নাই দৰমহা ,সেয়েহে একেলগে আত্মজাহ দিয়াৰ পথ বাচি লৈছে ৩৭৭৩ গৰাকী চৰকাৰী কৰ্মচাৰীয়ে। এওলোক হ’ল সাক্ষৰ ভাৰত মিছনৰ অধীনত নিয়োগ লাভ কৰা চৰকাৰী কৰ্মী। ২০০১ চনৰ লোকপিয়ল অনুসৰি দেশ ৰ যিবোৰ জিলাত মহিলাৰ সাক্ষৰতাৰ হাৰ ৫০ শতাংশ বা তাতকৈ কম, সেই জিলা বোৰক সাঙুৰি ৰাষ্ট্ৰীয় সাক্ষৰতা অভিযানে ২০০৯ চনৰ ৮ ছেপ্তেম্বৰত মুকলি কৰিছিল সাক্ষৰ ভাৰত অভিযান। এই আঁচনিয়ে অসমৰ প্ৰায় বাৰ খন জিলা যেনে- ধেমাজি, শোণিতপুৰ, দৰং, বৰপেটা, কোকৰাঝাৰ, বঙাইগাঁও, ধুবুৰী, গোৱালপাৰা, মৰিগাঁও, তিনিচুকীয়া, কাৰ্বি আংলং আৰু হাইলাকান্দিৰ গ্ৰাম্য অঞ্চলসমূহ সামৰি লৈছিল। ২০০৯-১০ শিক্ষাবর্ষ ৰ পৰা এতিয়ালৈকে এই বাৰ খন জিলাত কাম কৰি আহিছে ৩৭৭৩ গৰাকী কৰ্মচাৰীয়ে কিন্তু যোৱা তিনিটা বছৰৰ পৰা পোৱা নাই দৰমহা সেয়েহে অৱশেষত এই পথ বাচি ল’বলে বাধ্য হৈছে তেওঁলোক।