বিদেশী পৰ্যটকৰ সোঁতে বৃদ্ধি কৰিছে কাজিৰঙাৰ সৌন্দৰ্য্যতা

Share

ঐতিহ্যক্ষেত্ৰ কাজিৰঙাৰ পৰ্যটনে অতিক্ৰম কৰিলে বিগত বৰ্ষৰ চাৰিটা মাহ। চলিত বৰ্ষৰ ১৫ অক্টোবৰত মুকলি হোৱা কাজিৰঙাত‌ এতিয়া অগণন সোঁত বৈছে দেশী বিদেশী পৰ্যটকৰ। অক্টোবৰ মাহত কাজিৰঙালৈ অহি পৰ্যটকৰ সংখ্যা আছিল ১২৬৬২ জন। ঠিক তেনেকৈ নৱেম্বৰত পৰ্যটকৰ সংখ্যা হৈছেগৈ ৪০২৪২ জন। তাৰ উপৰিও জানুৱাৰী মাহত ৫২০০০ হাজাৰ দেশী বিদেশী পৰ্যটকে ভ্ৰমণ কৰিলে কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যান। জানুৱাৰী মাহত সৰ্বাধিক পৰ্যটকৰ সমগম ঘটা পৰিলক্ষিত হৈছে কাজিৰঙাত। কাজিৰঙাৰ সৌন্দৰ্যপূৰ্ণ দৃশ্য দেখি অভিভূত হৈ পৰিছে কাজিৰঙালৈ অহা দেশী বিদেশী পৰ্যটকসকল। ডিচেম্বৰ মাহত উদ্যান কৰ্তৃপক্ষই পৰ্যটকৰ পৰা সংগ্ৰহ কৰা ধনৰাশিৰ পৰিমাণ‌ হৈছে ১ কোটি ৪৫ লাখ টকা। তাৰ সমান্তৰালকৈ জানুৱাৰী মাহত লাভ কৰিলে ১ কোটি ২১ লাখ টকা। এই  অহা চাৰি মাহত পৰ্যটকৰ সংখ্যা হৈছেগৈ ১ লাখ ৮০ হাজাৰ। শেহতীয়াকৈ এইবাৰ সোণালী বাঘ পৰ্যটকে সমদৰ লাভ কৰিছে কাজিৰঙাত। ইয়াৰ লগতে এই চাৰিটা মাহত লাভ কৰা পৰ্যটকৰ ধনৰাশি হৈছে ৩.৫ কোটি টকা।

Leave a Reply

Your email address will not be published. Required fields are marked *