গুৱাহাটী,৩১ জানুৱাৰীঃ সম্পূর্ণ নতুন পদ্ধতিৰে শেষবাৰৰ বাবে এই বাৰ হ’ব মেট্রিক পৰীক্ষা। ৰাষ্ট্রীয় শিক্ষা নীতি-২০২০ প্রয়োগ কৰাৰ ক্ষেত্ৰত ভাৰতৰ প্রথম পাঁচখন ৰাজ্যৰ ভিতৰত অসম আছে। এই শিক্ষা নীতি প্রয়োগৰ ক্ষেত্ৰত বিভিন্ন মাইল ষ্ট’ন আছে ২০৩৫ চনলৈকে। গতিকে ইয়াক আৰম্ভ কৰালৈকে প্ৰাৰম্ভিক পর্যায়ত পর্যালোচনা কৰি অহা হৈছে। আজিও ৰাজ্যপালৰ অধ্যক্ষতাত ষ্টাফ কলেজত উচ্চ শিক্ষাৰ এক আলোচনা অনুষ্ঠিত হৈছে। ৰাষ্ট্রীয় শিক্ষা নীতিয়ে যি লক্ষ্য নির্ধাৰণ কৰি দিছে, সেইমতে উচ্চ শিক্ষাৰ লগত জড়িত শিক্ষার্থীসকলে যাতে সংস্থাপিত হ’ব পাৰে, সেই সন্দৰ্ভত ব্যবস্থা গ্রহণ কৰিবলৈ এনেধৰণৰ পৰ্যালোচনা সভা অনুষ্ঠিত কৰি থকা হৈছে। দেশত যিবোৰ পৰীক্ষা হয়, সেই সকলো পৰীক্ষা অ’ এম আৰ শ্বিটত হয়। গতিকে অসমৰ ছাত্র-ছাত্রীসকলকো অ’ এম আৰ শ্বিটত পৰীক্ষা দিয়াৰ ক্ষেত্ৰত পাকৈত কৰাৰ বাবে এইবাৰৰ মেট্রিক পৰীক্ষাতো অ’ এম আৰ শ্বিটব ব্যৱস্থা কৰা হ’ব। গণিত, ইংৰাজী, সাধাৰণ বিজ্ঞান আৰু সমাজ বিজ্ঞানৰ ৪৫ নম্বৰৰ পৰীক্ষা অ’ এম আৰ শিটত হ’ব। বাকী ৪৫ নম্বৰৰ দীঘলীয়া প্ৰশ্নৰ উত্তৰ প্রশিক্ষার্থীয়ে লিখিব লাগিব। অনাগত দিনত প্রতিযোগিতামূলক পৰীক্ষাৰ বাবে ৰাজ্যৰ উঠি অহা প্রজন্মক সাজু কৰি তোলাৰ বাবে এনে পদক্ষেপ গ্রহণ কৰা হৈছে।