ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ মাজতে সোমবাৰে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমা অন্তৰ্গত জাগুন টাউনৰ সমীপত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড।এই অগ্নিকাণ্ডত দীনেশ মাহাতো নামৰ লোক এজনৰ ছয়টা কোঠাযুক্ত ভাৰাঘৰটো সম্পূৰ্ণভাৱে জ্বলি যায়। ইয়াৰ পিছতেই অগ্নিনিৰ্বাপক বাহিনী পলমকৈ অহাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি স্থানীয় ৰাইজৰ। জানিব পৰা মতে লোক জনৰ ২০ লাখ টকাৰ সা-সামগ্ৰীৰ ক্ষতিগ্ৰস্ত হৈছে।লেখা-পানী থানাৰ অন্তৰ্গত অঞ্চলটোত অগ্নিনিৰ্বাপক বাহিনীৰ ব্যৱস্থা নথকাত লেখাপানী জাগুন আদি অঞ্চলত অগ্নিকাণ্ড হলে মাৰ্ঘেৰিটাৰ পৰা অহা নিৰ্বাপক বাহিনীয়ে কোনো দিনে অগ্নি নিৰাময় কৰিব নোৱাৰে বুলি ক্ষোভ প্ৰকাশ কৰে স্থানীয় ৰাইজে।