ঢকুৱাখানা মহকুমাৰ শ্ৰী শ্ৰী বাসুদেৱ থানাত বাৰ্ষিক পালনামৰ প্ৰস্তুতি

Share
অসমৰ এখন উল্লেখযোগ্য থান ঢকুৱাখানা শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰত অহা ২৪,২৫আৰু ২৬ তাৰিখৰ পৰা তিনিদিনীয়া কাৰ্য্যসূচীৰে পালনামৰ প্ৰস্তুতি কৰা হৈছে ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনবদ্য সৃষ্টি পালনাম কাৰ্য্যসূচী অনুসৰি এই তিনিদিনীয়া কাৰ্য্যসূচীত আইসকলৰ নাম,সমূহীয়া নাম আৰু পালনামৰ ব্যৱস্থা কৰা হৈছে ৷ এই পালনাম  কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰিব সত্ৰাধিকাৰ অভিজিত দেৱ গোশ্বামীয়ে ৷ এই তিনিদিনীয়া কাৰ্য্যসূচীত নগাওঁ বালিসত্ৰৰ সত্ৰীয়া ৰাজু দেৱ গোশ্বামী, বকলিয়াৰ চামগুৰি সত্ৰৰ ডেকা সত্ৰীয়া কমল গোশ্বামী,মাজুলী সত্ৰৰ বিপুল মহন্ত ,মাজুলীৰ প্ৰাচীন চামুগুৰী সত্ৰৰ ভৰত মহন্ত আদি কেইবাখনো সত্ৰৰ সত্ৰাধিকাৰ উপস্থিত থাকিব , লগতে পালনামৰ এই তিনিদিনীয়া কাৰ্য্যসূচীত সমূহ ধৰ্মপ্ৰাণ লোককে উপস্থিত থাকিবলৈ আন্তৰিকতাৰে  কামনা কৰিছে বাসুদেৱ থান নৰোৱা সত্ৰৰ পৰিচালনা সমিতিয়ে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *