আজি শিল্পী দিৱস

Share

আজি শিল্পী দিৱস উপলক্ষে বিভিন্ন প্ৰান্তত পালন কৰা হয় শিল্পী দিৱস। গীতে মাতে সুৱৰিছে  ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক। অসম চৰকাৰৰ সাংষ্কৃতিক পৰিক্ৰমাৰ উদ্যোগত আৰু শোণিতপুৰ জিলাৰ  প্ৰশাসনৰ সহযোগত তেজপুৰত উৎযাপন কৰা হয় কেন্দ্ৰীয় শিল্পী দিৱস।  তেজপুৰত অনুষ্ঠিত হ’ব লগা অনুষ্ঠানৰ কাৰ্যসূচীত প্ৰদান কৰা হৈছে বহুতো বঁটা। বিশিষ্ট সংগীত শিল্পী মনিশা হাজৰিকা লৈ প্ৰদান কৰা হয় ২০২৪ বৰ্ষৰ সন্মানীয় শিল্পী বঁটা,  ৰাজ্যিক পৰ্যায়ৰ ২০২৩ বৰ্ষৰ  চুকাফা বঁটা প্ৰদান কৰা হয় বিশিষ্ট সাংবাদিক সাহিত্যিক ধীৰেন্দ্ৰনাথ  বেজবৰুৱালৈ , ২০২৩ বৰ্ষৰ কৃষ্ণকান্ত সন্দিকৈ বঁটা প্ৰদান কৰিছে গৱেষক পণ্ডিত  প্ৰদীপ জ্যোতি মহন্তক,লোকপ্ৰিয় গোপীনাথ বৰদলৈ ৰাষ্ট্ৰীয় সংসদী বঁটা সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী লৈ , ৰাজ্যিক পৰ্যায়ৰ ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য বঁটা প্ৰদান কৰা কৰিছে বিশিষ্ট সাংবাদিক প্ৰশান্ত বাৰুৱালৈ, নটসূৰ্য ফণী শৰ্মা বঁটা প্ৰদান কৰা হৈছে বিশিষ্ট অভিনেত্ৰী চেতনা দাসক, শিল্পী সৈনিক বজনাথ শৰ্মা বঁটা প্ৰদান কৰা হৈছে লোক শিল্পী জগদীশ বৰ্মনলৈ আৰু সতী ৰাধিকা বঁটা সমাজ সেৱিকা ড০ মালতী বৰুৱাক প্ৰদান কৰা হৈছে। অনুষ্ঠানত উপস্থিত থাকে  সাংস্কৃতিক বিভাগৰ মন্ত্ৰী বিমল বৰা, অশোক সিংহালৰ লগতে বহুতো বিশিষ্ট ব্যক্তি। প্ৰতি বছৰে ১৭ জানুৱাৰীৰ দিনা  মৃত্যু তিথিত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত ৰাজ্যৰ ভিন্ন প্ৰান্তত উদযাপন কৰা হয় শিল্পী দিৱস । ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হৈছিল ১৯০৩ চনৰ ১৭ জুন তাৰিখে ডিব্ৰগড় তামোলবাৰী চাহ বাগিচাত । তেওঁৰ মৃত্যু হৈছিল ১৯৫১ ৰ ১৭ জানুৱাৰীত । তেতিয়াৰ পৰাই ৰূপোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু তিথিটোক শিল্পী দিৱস হিচাপে পালন কৰা হয়। শিল্পী দিৱস পোন প্ৰথমে ১৯৫৩ চনৰ ১৭ জানুৱাৰী তাৰিখে গুৱাহাটী আৰু বৰপেটাত উৎযাপন কৰা হৈছিল।১৭ জানুৱাৰী দিনটো প্ৰথমতে  শিল্পী দিৱস সলনি জ্যোতি সংগীত বুলি কোৱা হৈছিল। এই দিনটোতে সুন্দৰৰ পূজাৰী জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত বিদ্যালয়- মহাবিদ্যালয়সমূহত জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা গীত সমুহেৰে গীত পৰিৱেশন  আৰু নৃত্য আদি অনুষ্ঠান অনুষ্ঠিত কৰে। এয়াই নহয় তেওঁ গীত ৰচনা কৰাৰ লগতে চলচিত্ৰ নিৰ্মাতাও  আছিল। জ্যোতিপ্ৰসাদ আগৰৱালাৰ চলচিত্ৰৰ প্ৰথম বোলছবিখন ১৯৩৫ ত নিৰ্মাণ কৰিছিল যাৰ নাম আছিল জয়মতী। ইয়াৰ উপৰিও জ্যোতি প্ৰসাদ আগৰৱালাই ৰচনা কৰা গীত সমূহ ক্ৰমে  সেউজী ,গছে গছে পাতি দিলে, লুইতৰ পানী‌ যাবি অ বৈ দৰে বহুতো চিৰসেউজ গীত ৰচনা কৰি গৈছে । যিবোৰ কালজয়ী গীত আজিও সজীৱ হৈ আছে প্ৰতিজন অসমীয়াৰ হৃদয়ত।

Leave a Reply

Your email address will not be published. Required fields are marked *